ETV Bharat / snippets

মৃত হলৌ বান্দৰক ৰাজপথেৰে চোঁচৰাই নিয়া বনকৰ্মীক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 8:14 PM IST

FOREST OFFICIAL SUSPENDED
অ-মানৱীয় কাৰ্য সংঘটিত কৰা বনকৰ্মীক নিলম্বন (ETV BHARAT ASSAM)

যোৰহাট, 15 জুলাই : বন আইন উলংঘা কৰি অমানৱীয় কাৰ্য সংঘটিত কৰা বনকৰ্মী পংকজ হাজৰিকাক যোৰহাট জিলা বন প্ৰাধিকাৰী নন্দ কুমাৰে এক নিৰ্দেশ যোগে তৎকালীনভাৱে আজি চাকৰিৰ পৰা নিলম্বন কৰে ৷ নিলম্বিত বনকৰ্মীগৰাকী মেলেং খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ তেতেলিগুৰি শিবিৰৰ অধীনত হোলোঙাপাৰা গিবন অভায়ৰণ্যত বন্যপ্ৰাণীৰ সুৰক্ষাত নিয়োজিত হৈ আছিল ৷

দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু হোৱা এটা দুষ্প্ৰাপ্য হলৌ বান্দৰৰ মৃতদেহ বনকৰ্মীজনে অমানৱীয়ভাৱে মটৰচাইকেলেৰে চোঁচৰাই নিছিল ৷ ইয়াৰ পিচতে এই ঘটনাক সকলোৱে একেমুখে ধিক্কাৰ আৰু গৰিহণা দিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.