ETV Bharat / snippets

কলিয়াবৰত গৰুসহ গ্ৰেপ্তাৰ চাৰি চোৰ

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 1:55 PM IST

cattle smuggler arrested
ৰাজ্যত গৰুচোৰ চক্ৰ সক্ৰিয় (ETV BHARAT ASSAM)

কলিয়াবৰ, ২৭ মে': আৰক্ষী প্ৰশাসনৰ কঠোৰ পদক্ষেপৰ পিচতো ৰাজ্যত গৰুচোৰ চক্ৰ সক্ৰিয় হৈ আছে । আৰক্ষীয়ে এনে চক্ৰৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতেই কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ এক নিয়মীয়া তালাচীত চোৰাং গৰুসহ গ্ৰেপ্তাৰ চাৰি গৰুচোৰ ।

আৰক্ষীয়ে সোমবাৰে পুৱা বিলাসী বাহনখন গৰু সহ জব্দ কৰে । ধৃত চাৰি গৰু চোৰ হৈছে ৰূপহীহাটৰ চফিকুল ইছলাম, মাৰফট আলী, মোবাৰক হুছেইন আৰু চামগুৰিৰ আশ্বাদুল্লাহ । এ এছ ১২ পি ০০০৭ নম্বৰৰ বাহনখন যোৰহাটৰ পৰা ৰূপহীহাট অভিমুখে গৈ থাকোতেই এই গো-ধনকেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.