মিৰ্জা, 5 আগষ্ট : সোমবাৰৰ দিনটোত নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বহু কেইখন চহৰ কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে ৷ তাৰ মাজতেই বতৰ বিজ্ঞানীয়ে সতৰ্কতা জাৰি কৰিছে ৷ ৰাজ্যত আগন্তুক পাঁচ দিনলৈ ধাৰাসাৰ বৰষুণ অহাৰ আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷
বতৰ বিজ্ঞানীয়ে সদৰী কৰা সতৰ্কতা অনুসৰি আগন্তুক পাঁচ দিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ তদুপৰি আজিৰে পৰা 9 আগষ্টলৈ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷