গুৱাহাটী, ৩১ জুলাই : ৰাজ্যত আগন্তুক পাঁচদিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ সাগৰপৃষ্ঠৰ পৰা ০.৯ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বৰষুণৰ প্ৰভাৱ পৰিব ।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা আগজাননী অনুসৰি আজিৰে পৰা চাৰি আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ বিভিন্ন স্থানত মজলীয়াধৰণৰ বৰষুণ অহাৰ সম্ভৱনা আছে । আগন্তুক ২৪ ঘণ্টাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ দুই-এঠাইত বিজুলী-ঢেৰেকণিৰ উপৰি প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে । চাৰি আগষ্টলৈকে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ।