ETV Bharat / state

স্মার্ট মিটাৰ লগাবলৈ গ'লে পহুখেদা দিয়াৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - Protest against smart meter - PROTEST AGAINST SMART METER

Protest in Lakhimpur: সৰ্বত্ৰে এতিয়া স্মার্ট মিটাৰক লৈ প্ৰতিবাদ । বিভিন্ন দল-সংগঠনে স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ মাজতে জংগী আন্দোলনৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে । কেৱল হুংকাৰেই নহয়, স্মার্ট মিটাৰ লগাবলৈ গ'লে পহুখেদা দিয়াৰো সতৰ্কবাণী শুনাইছে সংগঠনটোৰ নেতৃত্বই ।

Krishak Mukti Sangram Samiti protest against smart meter in Lakhimpur
স্মার্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 5:39 PM IST

লখিমপুৰ, ১৯ ছেপ্টেম্বৰ: "স্মাৰ্ট মিটাৰ লগাবলৈ গ'লে ৰাইজৰ সহযোগত পহুখেদা দিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।" লখিমপুৰত হুংকাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় কাৰ্যকৰী সভাপতি ৰাজু বৰপাত্ৰগোঁহায়ে স্মার্ট মিটাৰৰ বিৰুদ্ধে এইদৰে হুংকাৰ দিয়ে ।

স্মার্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ আৰু কয়, "কেন্দ্রীয় চৰকাৰে ২০২১ চনত এক নটিফিকেচনৰ জৰিয়তে ২০২৩ ৰ ডিচেম্বৰৰ ভিতৰত চৰকাৰী কাৰ্যালয়, উদ্যোগ আৰু বাণিজ্য ক্ষেত্রত স্মার্ট মিটাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু অসম চৰকাৰ, শক্তি বিভাগে অসমলৈ ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্রত স্মার্ট মিটাৰক ৰঙা দলিচা পাৰি আদৰিলে । স্মার্ট মিটাৰ নতুনকৈ অসমত সংযোগ কৰিবলৈ দিয়া নহ'ব আৰু ইতিমধ্যে যিখিনি সংযোগ কৰা হ'ল সেইখিনিও খুলি নিব লাগিব । পুৰণি মিটাৰকে পুনৰ সংযোগ কৰিব লাগিব ।"

লগতে সভাপতিগৰাকীয়ে কয়, "চৰকাৰ বা শক্তি বিভাগে কমিচনৰ অংক কৰি স্মার্ট মিটাৰ সংযোগ কৰিবলৈ বিচাৰিলে জংগী আন্দোলন কৰা হ'ব । শান্তিত থাকিবলৈ দিয়া নহব হিমন্ত বিশ্ব শৰ্মাক ।" লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রৰ পৰা সমদল কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদকাৰীসকলে কেবি ৰোডৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ।

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ধৰ্ণাৰ অন্তত মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে । স্মাৰক পত্ৰখনত স্মার্ট মিটাৰ লগাবলৈ গৈ সাধাৰণ জনসাধাৰণক ভয়-ভাবুকি, ব্লেক মেইলিং কৰা ঠিকাদাৰ পক্ষৰ ওপৰত বিহিত আইনগত ব্যৱস্থা গ্ৰহণ কৰা, স্মার্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাছুল সংগ্ৰহ কৰা বন্ধ কৰা, যিসকল সাধাৰণ ৰাইজৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল লৈছিল তৎকালীনভাৱে অতিৰিক্তভাৱে সংগ্ৰহ কৰা বিদ্যুৎ মাচুলসমূহ ঘুৰাই দিয়াৰ ব্যৱস্থা গ্রহণ কৰা, পূৰ্বৰ পুৰণা মিটাৰসমূহৰ পৰিৱৰ্তে সাধাৰণ ৰাইজৰ ঘৰত নতুনকৈ যি স্মাৰ্ট মিটাৰ লগোৱা হ'ল সেই পুৰণি মিটাৰসমূহ ঘুৰাই অনাৰ ব্যবস্থা কৰাকে আদি কৰি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: খিলঞ্জীয়াৰ সুৰক্ষা-স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ২১টা সংগঠনৰ গৰ্জন - protest against smart mete

স্মার্ট মিটাৰ বন্ধ কৰাৰ দাবীত আটছাৰ ধৰ্ণা - protest against smart meter

পূৰ্বৰ মিটাৰ সংযোগৰ দাবীৰে চৰকাৰক সকীয়নি আটছাৰ - protest against smart meter

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.