ETV Bharat / snippets

প্ৰকৃতিৰ কু-দৃষ্টি; 1 জুনলৈকে ডিমা হাছাওত বন্ধ শিক্ষা প্ৰতিষ্ঠান

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:00 AM IST

All educational institutions in Dima Hasao district to remain closed till 1st June due to heavy rainfall
1 জুনলৈকে ডিমা হাছাওত বন্ধ শিক্ষা প্ৰতিষ্ঠান (Etv Bharat)

হাফলং, 30 মে’ : ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ৰ কবলত ডিমা হাছাও জিলা । ইতিমধ্যে বহু ধন-জনৰ ব্যাপক ক্ষতি হৈছে ৷ ডিমা হাছাওৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি 1 জুনলৈকে জিলাখনত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে ৷ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ তথা জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে এক নিৰ্দেশনাৰ জৰিয়তে সদৰী কৰিছে এই কথা ৷

ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া জিলাখনত ভূমিস্খলন হৈ বন্ধ হৈ পৰিছে বহু পথ । জিলাখনত যোৱা 48 ঘণ্টাৰো অধিক সময় ব্যাহত হৈ আছে বিদ্যুৎ পৰিসেৱা, ম’বাইলৰ ইন্টাৰনেট ৷ এইবোৰৰ লগতে ডিমা হাছাওত লামডিং শিলচৰ পাহাৰ লাইনত ৰে’ল পৰিসেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.