thumbnail

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 9:30 PM IST

ETV Bharat / Videos

এইবাৰ চাইক্লিষ্টৰ ৰূপত জি পি সিং - world cycle day

গুৱাহাটী, ২ জুন : সোমবাৰে অৰ্থাৎ ৩ জুন তাৰিখে বিশ্বজুৰি পালন কৰা হ’ব বিশ্ব বাইচাইকেল দিৱস । বিশ্ব বাইচাইকেল দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে পুৱাৰ ভাগত ৰেডিচন ব্লুৰ পৰা উলিওৱা হৈছে এক চাইকেল ৰেলী । স্বাস্থ্যকৰ জীৱনশৈলীৰ সমান্তৰালকৈ পৰিবহনৰ এক বহনক্ষম আৰু পৰিৱেশ অনুকূল পদ্ধতিৰ প্ৰতি সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে উলিওৱা হয় এই চাইকেল ৰেলী ।

এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । ইয়াৰ উপৰিও এই এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে দুই শতাধিক চাইক্লিষ্টে । এই ৰেলীৰ ফ্লেগ অফ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই । ৰেডিছন ব্লুৰ পৰা আৰম্ভ হোৱা এই ৰেলীটো লখৰাৰ পৰা উভতি পুনৰ ৰেডিছন ব্লুতে অন্ত পৰে । 

জি পি সিঙেও এই ৰেলীত অংশ লৈ যথেষ্ট ভাল অনুভৱ কৰিছে বুলি জানিবলৈ দিয়ে। লগতে চাইকেল চলোৱা সকলোৰে বাবে ভাল বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মুখত কিয় "ময়ে ময়ে" গীতৰ প্ৰসংগ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.