সপ্তম মহলাৰ পৰি ৰহস্যজনক মৃত্যু মহিলাৰ - চাদৰ পৰা পৰি মৃত্যু
🎬 Watch Now: Feature Video


Published : Feb 17, 2024, 3:39 PM IST
গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : ৰূপনগৰৰ হাউছফেড কমপ্লেক্সত ভয়ংকৰ ঘটনা । সপ্তম মহলাৰ পৰা পৰি এগৰাকী মহিলাৰ মৃত্যু । মৃত মহিলাগৰাকী বিহাৰৰ সুনীয়া দেৱী বুলি জানিব পৰা গৈছে ।
হাউছফেড কমপ্লেক্সৰ সপ্তম মহলাৰ চাদৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু হয় মহিলাগৰাকীৰ । শনিবাৰৰ পুৱা ৯ মান বজাত সংঘটিত হৈছিল এই ঘটনা । ঘটনা সংঘটিত হোৱাৰ এঘন্টামানৰ পিচত কমপ্লেক্সৰ আন লোকে চিনাক্ত কৰি পুত্ৰ বোৱাৰীক খবৰ দিয়ে ৷
মহিলাগৰাকীয়ে নিজে জপিয়ালে নে আনে ঠেলি দিলে তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে । উল্লেখ্য যে, মহিলাগৰাকীৰ আনজন পুত্ৰ মেঘালয়ৰ জোৱাইত থাকে । তাৰ পৰা মহিলাগৰাকী শুকুৰবাৰে হাউছফেড কমপ্লেক্সত বাস কৰা পুত্ৰৰ ওচৰলৈ আহিছিল । মাজে মাজে তেওঁ গুৱাহাটীৰ পুত্ৰৰ কাষলৈ আহি থাকে ।
মহিলাগৰাকী বিগত ৬মাহ দিন মানসিক অশান্তিত ভুগি আছিল বুলি জানিব পৰা গৈছে । অসুস্থতাৰ বাবে শুকুৰবাৰে কমপ্লেক্সটোত বাস কৰা পুত্ৰৰ ঘৰলৈ আহিছিল মহিলাগৰাকী ।
লগতে পঢ়ক : সোণাৰিত দাৰে ঘপিয়াই হত্যা কৰিলে মহিলাক