এফালে গণেশ চতুৰ্থীৰ আনন্দ উল্লাস, আনফালে গজৰাজৰ ইহসংসাৰ ত্যাগ - Wild Elephant Dead

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 7:45 AM IST

thumbnail
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

মৰাণ, ৮ ছেপ্টেম্বৰ: শনিবাৰে সমগ্ৰ ভাৰতৰ লগতে ৰাজ্যৰবাসীয়ে উদযাপন কৰে গণেশ চতুৰ্থী । কিন্তু গণেশ পূজাৰ দিনাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হোৱা লগতে প্ৰকৃতিপ্ৰেমী আৰু সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বন বিভাগৰ অবহেলাৰ বাবেই বহু দিন ধৰি ৰোগাক্ৰান্ত হৈ থকা হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ ৰাইজৰ । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰচ'ৰাত কেইবামাহ ধৰি বনৰীয়া হাতীজনী আঘাতপ্ৰাপ্ত অৱস্থাত অৱস্থান গ্ৰহণ কৰি আছিল । কিন্তু দীৰ্ঘদিন ধৰি ভৰিত আঘাতপ্ৰাপ্ত হৈ থকা হাতীজনীৰ চিকিৎসা প্ৰদানৰ বাবে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । যাৰ ফলত কোনো ধৰণৰ চিকিৎসা লাভ নকৰাকৈ শনিবাৰে হাতীজনীয়ে মৃত্যুমুখত পৰিবলগীয়া হয় ।

ইফালে গণেশ পূজাৰ দিনাই মৃত্যুমুখত পৰা হাতীজনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে বন বিভাগৰ চিকিৎসকৰ এটা দলে । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এইদৰে চিকিৎসাৰ অবিহনে হাতীৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই সচেতন ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে । এই ঘটনাক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দাবী জনাইছে সকলোৱে ।

লগতে পঢ়ক: বন্য়হস্তীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্য়ুক লৈ উত্তাল মৰিয়নী - Wild elephant terror

মাজুলীত বনৰীয়া হাতীৰ আতংক : ভাঙি তচনচ কৰিলে বাসগৃহৰ লগতে গোহালি - Man Elephant conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.