শিৱদৌলত আশিস ল'লে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ'ৰামে - union minister Jual Oram

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 5:13 PM IST

thumbnail
কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ'ৰাম (ETV BHARAT ASSAM)

শিৱসাগৰ, ১৫ জুলাই: কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰত উপস্থিত হয় । এই ভ্ৰমণ কাৰ্যসূচী অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি পুৱা ৮ বজাত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে । দৌলত পূজা-অৰ্চনা কৰাৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে শিৱসাগৰ ভ্ৰমণ কৰি জিলাখনৰ বিভিন্ন উন্নয়নমূলক কামকাজৰ খতিয়ান ল'ব বুলি মন্তব্য় কৰে ।

ইয়াৰ পিচত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কেইবাখনো জনজাতীয় গাঁও পৰিভ্ৰমণ কৰাৰ লগতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিবৰ বাবে ভেকুৰী চাপৰি অভিমুখে যায় । কাৰ্যসূচী অনুসৰি দুপৰীয়া জল জীৱন আঁচনিৰ খতিয়ান লোৱাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা নিতাইপুখুৰীৰ আহোম পথাৰ বিশুদ্ধ খোৱাপানী আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে । 

এই কাৰ্যসূচীৰ পাচত কেইবাখনো চাহ বাগিচা পৰিদৰ্শন কৰি বিয়লি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিতব্য় এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংগ দিয়ে ।

লগতে পঢ়ক:অসমৰ চাহ শিল্পক লৈ গৌৰৱান্বিত কেন্দ্ৰীয় মন্ত্ৰী মূৰলীধৰ মোহল - Murlidhar Mohol Assam Visit

উত্তৰ-পূবৰ উজ্জ্বল আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ : কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল - Manohar Lal North East visit

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.