thumbnail

সাৱধান ! আপুনি জি এম চি এইচত তেজ সংগ্ৰহ কৰিছে নেকি ?

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 7:56 PM IST

গুৱাহাটী, ১৪ অক্টোবৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পিয়াপি দি ফুৰিছে এইচ আই ভি পজিটিভ তেজ বিক্ৰেতাই । পিছে এইসকল এইচ আই ভি পজিটিভে নিজৰ তথ্য় লুকুৱাই চলাই আছে তেজৰ বেহা । দালাল চক্ৰৰ দ্বাৰা পৰিচালিত এইচ আই ভি পজিটিভ লোকে তেজ বিক্ৰীৰ বাবে বোন্দাপৰ দি থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)চৌহদত । খাপপিটি থাকে নিৰ্দিষ্ট স্থানত । সাৱধান ! আপুনিও এই চক্ৰৰ চিকাৰ হ'ব পাৰে ।

আজি এইচ আই ভি পজিটিভ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । জি এম চি এইচত তেজ দিবলৈ গৈ ধৰা পৰিল এইচ আই ভি পজিটিভ দালাল । সোমবাৰে পুৱা জি এম চি এইচত তেজ দিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা দুজন দালালৰ ভিতৰত এজন এইচ আই ভি পজিটিভ বুলি চিনাক্ত হয় । গ্ৰেপ্তাৰ হোৱা দালাল এজনৰ নাম লালবাহাদুৰ শ্বেখ ।  

জি এম চি এইচৰ সুৰক্ষাকৰ্মীক দেখি পলায়ন কৰোতেই সুৰক্ষাকৰ্মীয়ে দুই দালালক কৰায়ত্ত কৰে । দালাল দুজনে দিয়া স্বীকাৰোক্তি মতে, ইউনিছ আলী নামৰ আন এটা দালালে তেওঁলোকক জি এম চি এইচলৈ আনিছিল । ধৃত দালাল দুজনে স্বীকাৰ কৰা অনুসৰি,জি এম চিত ২ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে তেজ । জি এম চি এইচত ধুবুৰী,মানকাচাৰৰ বহু যুৱকে তেজ বিক্ৰী কৰে বুলি ধৃত দালাল দুজনে স্বীকাৰ কৰিছে ।  

লগতে পঢ়ক:তেজৰ দালাল: তাৎক্ষণিকভাৱে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে: স্বাস্থ্যমন্ত্ৰী - Blood broker arrested

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.