গুৱাহাটীৰ কৃত্ৰিম বান নতুন কথা নহয় : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা - Guwahati Flash Flood

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 6:57 AM IST

thumbnail
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

ৰঙিয়া, 7 আগষ্ট: সোমবাৰে অহা এজাক বৰষুণতে ডুব যায় সমগ্ৰ গুৱাহাটী মহানগৰী ৷ শেহতীয়াকৈ গুৱাহাটীৰ বান সন্দৰ্ভত ৰঙিয়াত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । 

কলিতাই কয়, "মহানগৰীৰ বান ৰাইজে নিজে সৃষ্টি কৰা বান । গুৱাহাটীবাসীয়ে নিজে সজাগ-সচেতন হোৱাটো উচিত । প্লাষ্টিক জাতীয় সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব । পাহাৰ খনন কৰাৰ ফলত ড্ৰেইনসমূহ বন্ধ হৈ পৰিছে । মহানগৰখন সম্প্ৰসাৰণ হ'লেহে বান সমস্যা দূৰ হ'ব । পাহাৰত বাস কৰা লোকসকলে কোনো কাৰণতে আৰু পাহাৰ কাটিব নালাগিব । জনসংখ্যা বৃদ্ধি যিমানেই হৈ আছে সিমানেই প্ৰকৃতিগত সমস্যা বৃদ্ধি পাইছে । গুৱাহাটী মহানগৰখন সম্প্ৰসাৰণ হ'ব লাগে, তেতিয়া বান সমস্যা দূৰ হ'ব । চৰকাৰৰ সপোন আছে গুৱাহাটীক বানমুক্ত কৰাৰ ৷ ইয়াৰ বাবে ৰাইজৰ সহযোগিতা লাগিব । গুৱাহাটীৰ বান এতিয়াৰ বান নহয়, পূৰ্বৰ পৰা গুৱাহাটীত বান হৈ আছে" ৷ 

লগতে পঢ়ক: আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

অশোক সিংহলৰ প্ৰতীকী শৱদেহ সাঙীত লৈ আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ - Guwahati Flash Flood

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.