মৰিয়নীত নিৰুদ্দেশ হোৱা ৫ কিশোৰীৰ ৩ গৰাকীক উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 9:14 PM IST

thumbnail

যোৰহাট, ১৭ ফেব্ৰুৱাৰী: মৰিয়নীৰ পৰা নিৰুদ্দেশ হোৱা ৫ গৰাকী কিশোৰীৰ ভিতৰত তিনি কিশোৰীক উদ্ধাৰ কৰা হৈছে । শুকুৰবাৰে নিশা যোৰহাট জিলাৰ মৰিয়নী নগৰৰ পৰা নিৰুদ্দেশ হোৱা ৩ গৰাকী কিশোৰীক আৰক্ষীয়ে উদ্ধাৰ কৰে । শুকুৰবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰী কেইগৰাকী ৷ মৰিয়নী আৰক্ষীয়ে ইতিমধ্য নিজৰাপাৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰিছে কিশোৰী কেইগৰাকীক ৷ আৰক্ষীয়ে বৰ্তমান মৰিয়নী থানাত সোধা-পোচা আৰম্ভ কৰিছে ৷  

কিশোৰী কেইগৰাকী কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছিল নে আন কোনো কাৰণত সন্ধানহীন হৈছিল সেইবিষয়ে আৰক্ষীয়ে নিশ্চিত হ'ব পৰা নাই ৷ কিশোৰী কেইগৰাকীয়ে আৰক্ষীক যি তথ্য দিছে সেই তথ্যক লৈ সন্তুষ্ট নহয় মৰিয়নী আৰক্ষী । উল্লেখ্য় যে এই অঞ্চলটোৰ পৰা ধাৰাবাহিকভাৱে কিশোৰী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈ থকাত ৰাইজৰ মাজত এই বিষয়টোক লৈ ব্য়াপক চৰ্চা হৈ আছে । 

লগতে পঢ়ক:ইলেক্টৰেল বণ্ডৰ জড়িয়তে বিজেপিয়ে লয় ক’লা টকা: নন্দিতা দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.