thumbnail

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 5:11 PM IST

ETV Bharat / Videos

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰক - IIT Guwahati student found dead

আমিনগাঁও, 11 এপ্ৰিল : আই আই টি গুৱাহাটীত পুনৰ এক অঘটন ৷ পুনৰ এক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে প্ৰতিষ্ঠানখনত ৷ বুধবাৰে নিশা  আই আই টি গুৱাহাটীৰ এগৰাকী ছাত্ৰই আত্মহনন কৰে ৷ এই খবৰে শিক্ষা প্ৰতিষ্ঠানখনত শোকৰ ছাঁ পেলাইছে ৷ 

উল্লেখ্য যে বিহাৰৰ সমষ্টিপুৰৰ বাসিন্দা আছিল ছাত্ৰজন ৷ মৃত ছাত্ৰজনৰ নাম আছিল সৌৰভ ৷ আই আই টি গুৱাহাটীৰ দিহিং হোষ্টেলৰ আবাসী আছিল ছাত্ৰজন ৷ জানিব পৰা মতে সৌৰভ কম্পিউটাৰ চায়েন্সৰ ছাত্ৰ আছিল ৷ ছাত্ৰাৱাসৰ নিজৰ কোঠাতে এই ঘটনা সংঘটিত কৰে ছাত্ৰজনে ৷ ইতিমধ্যে কামৰূপ আৰক্ষীযে ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, আই আই টি গুৱাহাটীক পূৰ্বেও এনে ভালেকেইটা আত্মহননৰ ঘটনাই জোকাৰি গৈছে ৷

লগতে পঢ়ক : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত - Student Commits Suicide

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.