বাইহাটা উৰণ সেতুকাণ্ডৰ লগত জড়িত 6 জনক গ্ৰেপ্তাৰ - নিৰ্মল ইনফ্ৰাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:48 AM IST

Updated : Mar 1, 2024, 11:29 AM IST

বাইহাটা চাৰিআলি, 1 মাৰ্চ : যোৱা 28 ফেব্ৰুৱাৰীত কামৰূপ গ্ৰাম্যৰ বাইহাটা চাৰিআলিৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণৰত উৰণ সেতুৰ বীম এডাল খহি পৰাত ফুলছন আলী নামৰ ৰঙিয়াৰ এজন লোক ঘটানস্থলীত নিহত হৈছিল ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ ইয়াৰ পিচতে 29 ফেব্ৰুৱাৰীত এই ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰে কামৰূপ জিলা প্ৰশাসনে । বাইহাটা চাৰিআলি আৰক্ষী থানাত 63/24 নম্বৰত গোচৰ ৰুজু কৰা হৈছে নিৰ্মাণৰত প্ৰতিষ্ঠান নিৰ্মল ইনফ্ৰাৰৰ বিৰুদ্ধে ।

এই গোচৰৰ ভিত্তিত শুকুৰবাৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে ধৰ্মেন্দ্ৰ, জোনাক ডেকা, অমল অৰ্জুন, চুবুধ কুমাৰ, চুমন আৰু ইব্ৰাহিম আলী নামৰ 6 জন লোকক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে অভিযুক্তকেইটাক কামৰূপ আৰক্ষীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিচতে আদালতে অভিযুক্তকেইটাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

ইফালে স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানেও উৰণ সেতুখনৰ গাৰ্ডাৰ সকলো ফালে মুকলি হৈ আছে ৷ অনাগত দিনত পুনৰ উৰণ সেতুখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি আশংকা কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক : উৰণ সেতুৰ বীমৰ টুকুৰা খহি এজনৰ মৃত্যু

Last Updated : Mar 1, 2024, 11:29 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.