দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ LIVE - President Droupadi Murmu - PRESIDENT DROUPADI MURMU
🎬 Watch Now: Feature Video


Published : Aug 14, 2024, 7:24 PM IST
|Updated : Aug 14, 2024, 7:43 PM IST
দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে । সন্ধিয়া ৭ বজাৰ পৰা দেশবাসীক সম্বোধন কৰি ভাষণ আৰম্ভ কৰে ৰাষ্ট্ৰপতিয়ে ৷ ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰথমে হিন্দীত আৰু তাৰ পিছত ইংৰাজীত সম্প্ৰচাৰ কৰা হ’ব । ইয়াৰ পিছত ইয়াক আঞ্চলিক ভাষাত সম্প্ৰচাৰ কৰা হ’ব। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক দিয়া ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে অশান্ত সময়ত দেশৰ স্থিতিস্থাপকতাক প্ৰশংসা কৰি কয় যে ই আনৰ বাবেও আশাৰ ৰেঙণি হিচাপে কাম কৰিছে । ২০২৩ চনত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ কেনেকৈ আগবাঢ়িছে সেই বিষয়ে কয় । তেওঁ কয় যে ভাৰতে প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰি উচ্চ জিডিপি বৃদ্ধিৰ ৰেকৰ্ড গঢ়ি তুলিছে । জি-২০ নেতা হিচাপে দেশৰ ভূমিকাও উল্লেখ কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৷ তেওঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ কথা ব্যক্ত কৰি আঙুলিয়াই শিক্ষা আৰু বিজ্ঞানৰ উন্নতিৰ কথা কয় ।
Last Updated : Aug 14, 2024, 7:43 PM IST