মইনবৰী চৰ অঞ্চললৈ যন্ত্ৰচালিত নাৱেৰে ৰাওনা নিৰ্বাচনী বিষয়াৰ দল - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : May 6, 2024, 10:46 PM IST
জনিয়া, 6 মে’: ৰাজ্যত কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । সুৰক্ষাকে ধৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদানৰ বাবে যাৱতীয় ব্যৱস্থাসমূহ গঢ়ি তোলাৰ লগতে ভোটাৰসকলে যাতে সুকলমে ভোটদান কৰিব পাৰে তাৰবাবেও কেন্দ্ৰসমূহত সকলো ধৰণৰ আয়োজন সম্পূৰ্ণ কৰি তোলা হৈছে ।
ধুবুৰী লোকসভা সমষ্টিৰ বৰপেটা নিৰ্বাচনী জিলাত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন চৰাঞ্চলৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকামিয়াৰ উপস্থিতিত মইনবৰী এলেকাৰ চৰ অঞ্চলত নিয়োজিত পোলিং, প্ৰিজাইডিং বিষয়াসহ অন্যান্য বিষয়া তথা আৰক্ষী আজি নিজ নিজ বুথলৈ ৰাওনা হয় । চৰ অঞ্চলত থকা ৪ টা ভোটকেন্দ্ৰত ভোট গ্ৰহণ ল’বলৈ যোৱা নিৰ্বাচনী বিষয়াসকলে ই ভি এম, ভিভিপেট আৰু লাইফ জেকেট লৈ যন্ত্ৰচালিত নাৱেৰে ৰাওনা হয় ।
লগতে পঢ়ক : বঙাইগাঁৱত ইভিএমলৈ গন্তব্য় স্থানলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়াসকল - Lok Sabha Election 2024