বঙাইগাঁৱত ভয়ংকৰ বাছ দুৰ্ঘটনা : থিতাতে নিহত এজন, আহত ১৫ গৰাকী - Bus Accident

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 8:14 PM IST

thumbnail
বঙাইগাঁৱত ভয়ংকৰ বাছ দুৰ্ঘটনা (ETV Bharat Assam)

বঙাইগাঁও, ২৬ জুলাই : বঙাইগাঁও জিলাৰ শিঙিমাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এগৰাকী যাত্ৰী ৷ আনহাতে গুৰুতৰভাৱে আহত হয় ১৫ গৰাকী যাত্ৰী ৷ আহতসকলৰ ভিতৰত দুগৰাকী যাত্ৰীৰ অৱস্থা অতি সংকটজনক ৷ আহত ১৫ গৰাকী যাত্ৰীক ভৰ্তি কৰোৱা হয় বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৷ ঘটনাৰ বুজ ল’বলৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হয় জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু আৰক্ষী অধীক্ষক মোহনলাল মীনা ৷

জানিব পৰা মতে ইতিমধ্যে গুৰুতৰভাৱে আহত তিনিগৰাকী যাত্ৰীক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে । বঙাইগাঁৱৰ পৰা গোৱালপাৰা অভিমুখে তীব্ৰগতিত গৈ থকা অৱস্থাত AS19 C 8169 নম্বৰৰ যাত্ৰীবাহী বাছখনে প্ৰচণ্ড জোৰেৰে পথত ৰৈ থকা WB 41K 1123 নম্বৰৰ মালবাহী ট্ৰাকখনত খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক : ট্ৰেক্টৰৰ চেপাত নিমিষতে প্ৰাণ গ’ল এগৰাকী বৃদ্ধাৰ: আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.