ভূতৰ ওপৰত দানহ: লখিমপুৰত বানৰ মাজতে নীপকোৰ সতৰ্কবাৰ্তা - Lakhimpur flood 2024

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 9:02 PM IST

thumbnail
লখিমপুৰত বানৰ মাজতে নীপকোৰ সতৰ্কবাৰ্তা (Etv Bharat Assam)

লখিমপুৰ, ১৮ জুন: নেৰানেপেৰা বৰষুণৰ ফলত লখিমপুৰ জিলাৰ নৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠিছে । জিলাখনৰ সোৱণশিৰি, ডিক্ৰং, ৰঙানৈ, শিঙৰা, পাভ, বগীনদী আদি নৈ সমূহৰ পানী বিপদজ্জনকভাৱে বাঢ়িব ধৰিছে । জলসম্পদ বিভাগৰ সংগৃহীত তথ্য মতে জিলাখনৰ মাজেৰে বৈ যোৱা নৈসমূহৰ সৰহ ভাগৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । ঠাই বিশেষে নৈসমূহৰ জলপৃষ্ঠই বিপদসীমা অতিক্রম কৰিবলৈ মাথো কেইমিলিমিটাৰমানহে বাকী আছে ।

নৈৰ এনে বিপদজ্জনক অৱস্থাৰ উপৰি নেৰানেপেৰা বৰষুণৰ ফলত বহু ঠাইত কৃত্রিম বানৰ সৃষ্টি হৈছে । শস্যক্ষেত্র বুৰাই পেলোৱাৰ উপৰি বহু ঠাইত বিশেষকৈ গ্ৰামাঞ্চলত পথৰ ওপৰতো পানী হৈছে । কৃত্রিম বানত কেতবোৰ অঞ্চলত ঘৰ-বাৰীও ডুব গৈছে ৷ এনে বিপৰ্যয়ৰ সময়ত জিলাখনৰ বাবে আহিছে আন এক অশনি সংকেত । ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা যি কোনো মুহুর্ততে পানী এৰি দিয়া হ’ব পাৰে ।

ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে প্ৰকল্পৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকোলাই দিয়া হ’ব । যি কোনো সময়ত প্ৰকল্পৰ গেট খোলা হ’ব পাৰে বুলি আজি নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ পুৱা এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হয় । বিয়লি পৰ্যন্ত প্ৰকল্পটোৰ গেট খোলাৰ তথ্য পোৱা নাই যদিও নিশাৰ ভাগত খোলাৰ সম্ভাবনা আছে । সেয়ে হ’লে বিপদজ্জনক জলপৃষ্ঠ অৱস্থাৰ নদীত প্ৰকল্পৰ পানী এৰি দিলে পৰিস্থিতি জটিল হৈ পৰিব ।

লগতে পঢ়ক: ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত, ১.০৫ লাখ লোক ক্ষতিগ্রস্ত - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.