পূৰ্বৰ পৰাই চলি অহা নিয়ম বিলুপ্তিয়ে ক্ষতি কৰিব মুছলমান বিধায়কক: ৰেকিবুদ্দিন আহমেদ - Namaz Break of Assam Assembly

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 10:27 PM IST

thumbnail
ৰেকিবুদ্দিন আহমেদৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

নলবাৰী,৩০ আগষ্ট: অসম বিধানসভাৰ পৰা নামাজৰ বিৰতি বিলুপ্ত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ । নলবাৰীত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয়,"এইটো অত্যন্ত দুখজনক কথা । স্বাধীনতাৰ আগৰ পৰাই অসম বিধানসভাৰ এক বিশেষ গৰিমা আছে । মুছলমান লোকে বাকী নামাজ ক্ষতি কৰিলেও পৰৱৰ্তী সময়ত তাক পঢ়ি কাজা উঠাব পাৰে । কিন্তু, শুকুৰবাৰৰ জুম্মাৰ নামাজ কাজা হ'ব নোৱাৰে । জুম্মা ক্ষতি হ'লে কাজা নহয় । যদিও এতিয়ালৈ চূড়ান্ত জাননী ওলোৱা নাই, ই কিন্তু বিধায়কসকলক নামাজৰ ক্ষেত্ৰত ক্ষতি কৰিব ।"  

আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰাৰ বাবে কংগ্ৰেছ দলৰ ভিতৰতে স্বাক্ষৰ অভিযানৰ কথা চৰ্চা চলা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ পৰা কৌশলী মন্তব্যৰে নিৰাপদ স্থানত অৱস্থান কৰে বিধায়কগৰাকীয়ে । ইফালে যুৱ কংগ্ৰেছৰ উন্মীলন অনুষ্ঠানত উপস্থিত সকলো বিষয়ববীয়াক আশীৰ্বাদ দিবলৈ আহ্বান জনাই বিধায়ক আহমেদে । তেওঁ কয়,"ভৱিষ্যতৰ ৰাজনীতিত যুৱ কংগ্ৰেছৰ পৰাই যোৱাসকলে সাংসদ হ'ব, বিধায়ক হ'ব ।" 

লগতে পঢ়ক: অতীজৰে পৰা চলি অহা এক পৰম্পৰা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই একো বীৰত্ব প্ৰদৰ্শন কৰা নাই: প্ৰদ্যুৎ বৰদলৈ - Namaz Break of Assam Assembly

বৃটিছৰ দিনৰে পৰা চলি অহা নামাজ বিৰতিৰ বিলুপ্তিকৰণ ! বিৰোধিতা বিৰোধী বিধায়কৰ - Namaz Break of Assam Assembly

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.