শিশু নিৰীক্ষণ গৃহত এইছ আই ভি ধৰা পৰা ঘটনাৰ তদন্তৰ প্ৰয়োজন : যোগেন মহন - HIV case in Assam

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 5:52 PM IST

thumbnail
শিশু নিৰীক্ষণ গৃহত এইছ আই ভি ধৰা পৰা ঘটনাৰ প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ (ETV Bharat Assam)

যোৰহাট, 16 আগষ্ট : যোৰহাটৰ শিশু নিৰীক্ষণ গৃহত 77 গৰাকীৰ ভিতৰত 13 গৰাকী এইছ আই ভিত আক্ৰান্ত বুলি যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই উল্লেখ কৰাৰ পিছতেই ৰাজ্যুজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত আজি যোৰহাটত উপস্থিত হোৱা ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে কয়, 'এইছ আই ভিৰ ঘটনা যদি সঁচা হয় তেন্তে এয়া এক ভয়াৱহ ইংগিত ৷ এই সম্পৰ্কে যোৰহাট জিলা আয়ুক্ত, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষকৰ সৈতে কথা পাতিম ৷ এই কথা ভুৱা নে সঁচা সেয়া উলিয়াবৰ কাৰণে তদন্তৰ প্ৰয়োজন ৷ এনেবোৰ তথ্যই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰে ৷'

আনহাতে মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ ৷ ইয়াৰ পৰা কাকো ৰেহাই দিয়া নহ’ব ৷ ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ অভিযান চলি আছে আৰু চলি থাকিব ৷ ইয়াৰ কৰাল গ্ৰাসৰ পৰা যুৱক-যুৱতীসকলক ৰক্ষা কৰিবই লাগিব ৷ এতিয়ালকৈ ৰাজ্য চৰকাৰে চাৰিশ কোটি টকাৰ ড্ৰাগছ জ্বলাই নষ্ট কৰিছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক : যোৰহাটৰ শিশু নিৰীক্ষণ গৃহত বাঢ়িছে এইছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা - HIV case in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.