যোৰহাট-মাজুলীৰ মাজত পুনৰ আৰম্ভ হ’ল ফেৰী সেৱা - Majuli Ferry Service

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 6:28 PM IST

thumbnail
পুনৰ আৰম্ভ হৈছে যোৰহাট-মাজুলী ফেৰী সেৱা (ETV BHARAT ASSAM)

যোৰহাট/মাজুলী, 5 জুলাই : পুনৰ আৰম্ভ হৈছে যোৰহাট আৰু মাজুলীৰ মাজত ফেৰী চলাচল ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছিল যোৰহাট-মাজুলী ফেৰী সেৱা ৷ কিন্তু পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ যোৰহাট আৰু মাজুলীৰ মাজত পুনৰ ফেৰী চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফলত কেবাদিনো ধৰি মাজুলী আৰু যোৰহাটত আৱদ্ধ হৈ থকা যাত্ৰীসকলে সকাহ লাভ কৰিছে ৷

লগতে পঢ়ক : সংসদৰ অধিৱেশনৰ মাজতে আহি মাজুলীৰ বানাক্ৰান্তৰ বুজ ল’লে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi in majuli

ইতিমধ্যে মাজুলী আৰু যোৰহাট মাজত চলাচল কৰা ফেৰী সমূহৰ বাবে অফলাইন টিকটৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ ফলত 6 দিন পূৰ্বেই যোৰহাট আৰু মাজুলীৰ ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছিল ৷ আনহাতে আজিৰে পৰা যোৰহাট আৰু মাজুলীৰ মাজত পুনৰ ফেৰী সেৱা আৰম্ভ  হোৱাত নিমাতী-কমলাবাৰী ঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ পৰলক্ষিত হৈছে ৷ ইফালে ফেৰী চলাচল কৰিছে যদিও এই ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷ আনহাতে কমলাবাৰী ঘাটেৰে ফেৰী সেৱা আৰম্ভ কৰা হৈছে যদিও অফলামুখ ঘাটেৰে বন্ধ হৈ আছে ফেৰীসেৱা ৷

লগতে পঢ়ক : পানীৰ তলত ৰেম্প : বন্ধ ফেৰী চলাচল, যাত্ৰীৰ হাহাকাৰ - Majuli Ferry Service

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.