বিজেপি চৰকাৰৰ দিনতেই দেশত নিতৌ পঞ্জীয়ন হৈছে ৮৬টা ধৰ্ষণৰ গোচৰ, সৰৱ জাতীয় যুৱ বাহিনী - Rape Case In India

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 7:58 PM IST

thumbnail
জাতীয় যুৱ বাহিনীৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৩ আগষ্ট :"শ্লোগানতেই সীমাবদ্ধ বিজেপি চৰকাৰৰ বেটী বচাওঁ, বেটী পঢ়াও অভিযান । নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । এই চৰকাৰৰ দিনত ভাৰতবৰ্ষত প্ৰতিদিনে গড়ে ৮৬টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে ।" শুক্ৰবাৰে জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈয়ে এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ ২০১৯ চনৰ পৰা  ২০২১ চনলৈকে এই সন্দৰ্ভত নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ই প্ৰকাশ কৰা তথ্য় সদৰী কৰে ।

আজি ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পদকগৰাকীয়ে কয়," কলকাতাৰ ধৰ্ষণ-হত্য়াকাণ্ডক লৈ দেশজুৰি প্রতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা । এগৰাকী নাবালিকাক ৩ দুর্বৃত্তই ধর্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ যি ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে তাৰ আমি উচিত তদন্ত আৰু ভুক্তভোগীৰ ন‍্যায়ৰ দাবী জনাইছো ।"  

জাতীয় যুৱ বাহিনীৰ নেতা অংকুমান বৰদলৈয়ে পুনৰ কয়," নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যর্থ হৈছে বিজেপি চৰকাৰ। ভাৰতৰ প্রেক্ষাপটতেই হওঁক বা অসমৰ প্ৰেক্ষাপটতেই হওঁক আজি নাৰীৰ সুৰক্ষা যেন কেবল শ্লোগানতেই সীমাবদ্ধ । আজিও ভাৰত নাৰীৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ চতুৰ্থ স্থানত আছে । নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ ২০২১ চনৰ বাৰ্ষিক প্রতিবেদন অনুসৰি সমগ্র দেশতে ৩১,৬৭৭ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছিল ।  অর্থাৎ দৈনিক গড়ে ৮৬ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল, যিটো ২০২০ চনৰ তুলনাত ২৮,০৪৬ টা গোচৰ বৃদ্ধি পাইছে । আনহাতে, ২০১৯ চনত ৩২,০৩৩ টা গোচৰ পঞ্জীয়ন হৈছিল ।"

লগতে পঢ়ক:যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাই আৰক্ষীৰ জালত যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা - Accused of trying to molest a girl

ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

ধিঙৰ জঘন্য কাণ্ডই কঁপাইছে ৰাজ্য : ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদ - Gang rape in Dhing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.