কাৰ্বি আংলঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছয় - JAPANESE ENCEPHALITIS

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 9:21 PM IST

thumbnail
জাপানীজ এনকেফেলাইটিছ (ETV Bharat Assam)

ডিফু, ২০ জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে । ৰাজ্যৰ প্ৰায়ভাগ জিলাতে শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে । ৰাজ্যখনৰ আন ঠাইৰ লগতে কাৰ্বি আংলং জিলাতো এই ৰোগত কেইবাজনো লোক আক্ৰান্ত হৈছে ।

ইপিনে, জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগে জিলাখনত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে আঠুৱা ঔষধিকৰণ,ধোঁৱা দিয়া আদিৰ উপৰি মহে কণী পৰা স্থান ধ্বংস কৰা অভিযান অব্যাহত ৰাখিছে ৷ শনিবাৰে এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে জিলা স্বাস্থ্য বিষয়া ডাঃছেমছিং ছিংনাৰে ৷ লগতে জিলাখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা ছয়জনৰ ভিতৰত দুজন ইতিমধ্যে সুস্থ হৈ উঠা বুলি তেওঁ কয় । আন চাৰিজন ৰোগী বৰ্তমান ডিফু চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি সদৰী কৰে জিলা স্বাস্থ্য বিষয়াগৰাকীয়ে ৷ 

লগতে পঢ়ক:চৰাইদেউত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত সাতজন, এজনৰ মৃত্যু - Japanese Encephalitis

বানৰ তাণ্ডৱ হ্ৰাস : গোলাঘাটত প্ৰাদুৰ্ভাৱ বৃদ্ধি জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ - JAPANESE ENCEPHALITIS

কালৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে; জি এম চি এইচত চলিত বৰ্ষত ৬ জন ৰোগীৰ মৃত্যু - Japanese Encephalitis

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.