সাপে খুঁটিলে বেজৰ ওচৰলৈ নিয়াতকৈ চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ স্বাস্থ্য বিভাগৰ - Dhemaji Snakebite Case

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:01 PM IST

thumbnail
সৰ্প দংশনক লৈ তৎপৰতা ধেমাজি স্বাস্থ্য বিভাগৰ (ETV Bharat Assam)

ধেমাজি,১৯ জুলাই: গৰমৰ সময়ছোৱাত দেখা যায় সৰীসৃপ জাতীয় প্ৰাণীবোৰৰ অবাধ বিচৰণ ৷ বিশেষকৈ বাৰিষা বানৰ সময়ত নিৰাপদ আশ্ৰয়স্থল বিচাৰি অথবা খাদ্যৰ সন্ধানত এনে বিভিন্ন প্ৰজাতিৰ সৰ্প আৰু সৰীসৃপজাতীয় প্ৰাণীকূলে মানুহৰ ঘৰৰ আশে পাশে বিচৰণ কৰে ৷ যাৰ ফলত মানুহ আৰু সৰ্প তথা সৰীসৃপৰ মাজত সংঘাত আহি পৰে ৷ বিভিন্ন বিষধৰ আৰু বিষহীন সাপ মানুহৰ হাতত নিধন হোৱাৰ লগতে সৰ্পৰ দংশনৰ ফলতো বহুলোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই সময়ছোৱাত সৰ্প দংশনৰ পৰা ৰাইজক উদ্ধাৰ তথা সজাগ কৰিবলৈ হাতত লৈছে বিভিন্ন কাৰ্যপন্থা ।  

ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন বৰগোঁহাইয়ে জনোৱা অনুসৰি সৰ্প দংশনৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু আছে ৷ চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়, গোগামুখ আৰু চিলাপথাৰ মডেল হাস্পতালৰ ICU কক্ষত এন্টি ভেনম চিৰাম মজুত ৰাখিছে ৷ প্ৰতিটো স্বাস্থ্যখণ্ডৰ অধীনৰ উপ-স্বাস্থ্য কেন্দ্ৰসমূহত বেনাৰ-পোষ্টাৰ লগাই মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে সাপে খুঁটিলে ততালিকে বেজৰ ওচৰলৈ নিয়াতকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে আহ্বান জনাই বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে স্বাস্থ্য বিভাগৰ তথ্যমতে চলিত বছৰত জিলাখনত এপ্ৰিল মাহত ২০ জনক, মে' মাহত ৩৭ জনক আৰু জুন মাহত ৪৪ জনক সৰ্প দংশনৰ চিকিৎসা কৰোৱা হৈছে ৷ অৱশ্যে ইয়াৰে ভিতৰত এজনক বিষাক্ত সাপে দংশন কৰে যদিও চিকিৎসাৰ অন্তত সুস্থ হয় ৷

লগতে পঢ়ক: বৰ্ধিত সৰ্পদংশনৰ ঘটনা : ভয় নে সজাগতাৰ অভাৱ ? সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কি কয় ? - INTERVIEW WITH SAURAV BORKATAKI

চিচি টিভি কেমেৰাত বন্দী মহিলাক সৰ্পদংশন কৰাৰ দৃশ্য - GOLAGHAT SNAKEBITE CASE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.