ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট আৰক্ষীৰ একতাৰ সমদল - NATIONAL UNITY DAY 2024
🎬 Watch Now: Feature Video
Published : Oct 31, 2024, 7:33 PM IST
গোলাঘাট : লৌহমানৱখ্যাত ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ আজি জন্মদিন । সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো বৃহস্পতিবাৰে আৰক্ষী প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী । এই উপলক্ষে গোলাঘাট সদৰ আৰক্ষী থানাত প্ৰথমে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে । তাৰ পাছতে শপত বাক্য পাঠ কৰোৱায় আয়ুক্ত পুলক মহন্তই ৷
ইয়াৰ পাছতে এক সমদল বাহিৰ কৰা হয় । গোলাঘাট নগৰ পৰিভ্ৰমণ কৰি উক্ত সমদল সদৰ আৰক্ষী থানাত সামৰণি পৰে । এই সমদলত গোলাঘাট আৰক্ষীৰ লগতে চি আৰ পি এফ, দেৰগাঁও ১১ এ পি বি এনৰ জোৱানেও অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু মেজৰ বব খাটিঙৰ স্মৃতিত সংগ্ৰহালয় মুকলি