মই পিতৃৰ আদৰ্শৰে ৰাজনীতি কৰিম: গৌৰৱ গগৈ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 8:53 PM IST

মৰাণ,১৩ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগেই ৰাজনৈতিক নেতাৰ বাকযুদ্ধই ৰাজনৈতিক পৰিৱেশ গৰম কৰিছে । এটা দিনৰ পুৰ্বে ডিব্ৰুগড়ৰ চাবুৱাত গৌৰৱ গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, "গৌৰৱ গগৈয়ে ঈদৰ নামাজ ভালকৈ পঢ়ে । ঈদৰ প্ৰতি যি সন্মান সেই সন্মান ৰাম মন্দিৰৰ প্ৰতিও থাকিব লাগে ।" মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পিচতে মুখ খুলিছে গৌৰৱ গগৈয়ে । চৰাইদেউৰ মাহমৰাত প্ৰচাৰ চলাবলৈ অহা গৌৰৱ গগৈয়ে কয়, “মোৰ ভগৱান ৰামৰ প্ৰতি যি ভক্তি আছে সেয়া মুখ্যমন্ত্ৰীৰ চাৰ্টিফিকেট মোক নালাগে । মোক মুখ্যমন্ত্ৰীৰ পৰামৰ্শ নালাগে । তেওঁলোকে ধৰ্মৰ নামত ফোঁট লবলৈ বিচাৰে ।"  

লগতে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই বৰদোৱা থানৰ পৰিচালনা সমিতিক অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয়, "মই প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ, মই পিতৃৰ আদৰ্শৰে ৰাজনীতি কৰিম । হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে নহয় ।" উল্লেখযোগ্য যে, শনিবাৰে গৌৰৱ গগৈয়ে মাহমৰা সমষ্টিৰ ডোমৰ দলং, হজোৱা, শিংৰিজানকে আদি কৰি কেইবাখনো চাহ বাগানৰ মাজে মাজে সোমাই শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰচাৰ চলায় । 

লগতে পঢ়ক: গৰু বিহুৰ দিনা মাহমৰাত কণী যুঁ‌জত অংশ ল'লে গৌৰৱ গগৈয়ে - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.