দমদমৰ জেছৰ বস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জাহ গ’ল অৰ্ধশতাধিক ঘৰ - FIRE AT DUMDUM - FIRE AT DUMDUM
🎬 Watch Now: Feature Video
Published : Apr 13, 2024, 10:55 PM IST
নিউজ ডেস্ক, 13 এপ্ৰিল : কলকাতাৰ দমদমৰ এটা বস্তিত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ স্থানীয় লোকে দাবী কৰিছে যে এই অগ্নিকাণ্ডত প্ৰায় 40-50 টা ঘৰ জ্বলি ছাৰখাৰ হয় ৷ এই ঘটনাত সকলো হেৰুওৱা স্থানীয় লোকসকলে কেনেদৰে জুইৰ সূত্ৰপাত হ’ল সেয়া এতিয়াও জানিব পৰা নাই ৷ অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ক’লা ধোঁৱাই সমগ্ৰ অঞ্চলটো আবৰি ধৰে ৷ ঘটনাৰ ফলত সমগ্ৰ অঞ্চলতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত মন্ত্ৰী সুজিত বসু, দমদম তৃণমূলৰ প্ৰাৰ্থী সৌগত ৰয়, চি পি এমৰ প্ৰাৰ্থী সুজন চক্ৰৱৰ্তী উপস্থিত হয় ৷
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই কয়- "অগ্নি নিৰ্বাপনৰ কাম এতিয়াও চলি আছে ৷ সংকীৰ্ণ পথৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ কাম ক্ষীপ্ৰতাৰে কৰিব লগা হৈছে ৷ জুই নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কেনেদৰে এই জুইৰ সূত্ৰপাত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ মন্ত্ৰী সুজিত বসুৱে কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে ঢুকি নোপোৱা ঠাইত জুই নিয়ন্ত্ৰণ কৰিবলৈ উন্নত ৰবট ব্যৱহাৰ কৰা হৈছে ৷ দমদমৰ চি পি এমৰ প্ৰাৰ্থী সুজন মুখোপাধ্যায়ে ভুক্তভোগীৰ কাষত থিয় দিবলৈ সকলোকে আহ্বান জনাইছে ৷
জানিব পৰা মতে, দমদম মেলা বাগানৰ সমীপৰ বস্তিটোত শনিবাৰে দিনৰ প্ৰায় 12 বজাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় ৷ বিস্ফোৰণৰ শব্দ শুনি স্থানীয় ৰাইজ স্তম্ভিত হৈ পৰে ৷ এফালে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় আৰু আনফালে স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ বাবে ততাতৈয়াকৈ আগবাঢ়ি আহে ৷ অৱশ্যে এই পৰ্যন্ত কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই ৷
লগতে পঢ়ক : ছিয়াচিনত ভাৰতীয় সেনাৰ ব্যয়বহুল আৰু দীৰ্ঘদিনীয়া সামৰিক অভিযান মেঘদূতৰ ৪০ বছৰ - Siachen Day 2024