ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে: ময়ুৰ বৰগোঁহাই - BJP leader Mayur Borgohain

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 5:35 PM IST

thumbnail
মময়ুৰ বৰগোঁহাইৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

শিৱসাগৰ,৩০ আগষ্ট: শিৱসাগৰৰ বিধায়ক অখিল গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহায়ে । ময়ুৰ বৰগোঁহায়ে একাংশ সতীৰ্থক লৈ ১৩ গৰাকী শ্ৰমিকক প্ৰাপ্য ১৫ লাখ টকা নিদি প্ৰহাৰ কৰি পঠিয়াই দিয়া বুলি অভিযোগ উত্থাপন কৰি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বুলি উল্লেখ কৰে শিৱসাগৰ জিলা বিজেপি সভাপতিগৰাকীয়ে ।  

যাৰ বিৰুদ্ধে তেওঁ শুকুৰবাৰে বিৰোধী ঐক্য মঞ্চৰ তিনিওগৰাকীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । ইতিমধ্যে শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু কৰা হৈছে এটা গোচৰ । এটা বিশেষ videoক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম । ময়ূৰ বৰগোঁহাইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিল দুটাকৈ গোচৰ । তাৰ পিছতেই বিষয়টোক লৈ সৰৱ হৈছিল অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰা ।

লগতে পঢ়ক: শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভা চৌহদ - MLA protest in Assam Assembly

বৃটিছৰ দিনৰে পৰা চলি অহা নামাজ বিৰতিৰ বিলুপ্তিকৰণ ! বিৰোধিতা বিৰোধী বিধায়কৰ - Namaz Break of Assam Assembly

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.