বাক্সাৰ ভাৰত ভূটান সীমান্তত মৃত হাতী পোৱালি উদ্ধাৰ - Elephant calf body rescued at Baksa - ELEPHANT CALF BODY RESCUED AT BAKSA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:53 PM IST

বাক্সা, ২৩ জুন: বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত দেওবাৰে উদ্ধাৰ হয় এটা হাতী পোৱালিৰ মৃতদেহ  ৷ ভূটানৰ পৰা বৈ অহা দিৰিং নদীত উদ্ধাৰ হৈছে এই হাতী পোৱালিটোৰ মৃতদেহটো । জিলাখনৰ সূৱণখাটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আমবাৰীত আজি পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত হাতী পোৱালিটো । ইয়াৰ পিচতেই ৰাইজে বন বিভাগৰ লোকক এই বিষয়ে অৱগত কৰে । লগে লগে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয় ।  

কিদৰে হাতী পোৱালিটোৰ মৃত্যু হৈছে সেয়া এতিয়াও জানিব পৰা নাই । অৱশ্য়ে একাংশ স্থানীয় লোকে হাতীৰ জাকৰ গচকতে পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । বন বিভাগৰ লোকে ইতিমধ্য়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:বনকৰ্মীৰ মৰমৰ আৱেশত মাতৃহীন হাতী পোৱালি এটা

Elephant Training In Assam: নগাঁৱৰ ইউচুফ আলীয়ে প্ৰশিক্ষণ দিলে মহাদেৱক

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.