ৰাহুল গান্ধীৰ সংবাদমেলৰ হাজোৰ পৰা পোনপটীয়া সম্প্ৰচাৰ - congress vs BJP
🎬 Watch Now: Feature Video


Published : Jan 23, 2024, 2:40 PM IST
গুৱাহাটী, 23 জানুৱাৰী: মংগলবাৰে কামৰূপ জিলাৰ হাজোত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই । আৰক্ষীৰ তীব্ৰ বাধাৰ মাজেৰে গুৱাহাটী মহানগৰী পাৰ হৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ দল হাজো দিশে আগবাঢ়িছে ৷ তাতে কংগ্ৰেছ নেতাজনে এখন সংবাদমেল সম্বোধন কৰিব বুলি প্ৰদেশ কংগ্ৰেছে জানিবলৈ দিয়ে ।
পুৱাৰ ভাগত খানাপাৰাত উপস্থিত হয় ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ আৰক্ষীৰ লাঠীচালনাত অসম প্ৰদেশৰ সভাপতি ভূপেন বৰা সহ কেবাগৰাকী বিধায়ক আহত হয় । তদুপৰি খানাপাৰাৰ পৰা জালুকবাৰী পৰ্যন্ত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহা নেতা-কৰ্মী তথা ৰাইজ আৰক্ষীৰ তীব্ৰ বাধাৰ সম্মুখীন হোৱা পৰিলক্ষিত হয় ।
হাজোৰ দমদমাত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে অসমত ন্যায় যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা অভিজ্ঞতাবোৰ জনসাধাৰণৰ আগত সদৰী কৰিব ।
লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক বাধা দিবলৈ খানাপাৰাত অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা