আজিৰ পৰা পুনৰ আৰম্ভ কমলাবাৰী-নিমাতী ফেৰী সেৱা - Majuli Ferry Service

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 5:26 PM IST

thumbnail
কমলাবাৰী-নিমাতী ফেৰী সেৱা (ETV BHARAT ASSAM)

যোৰহাট, ৯ জুলাই : মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হ'ল কমলাবাৰী-নিমাতী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰত জলস্তৰ বৃদ্ধি পোৱা বাবে বিগত ১০ দিন ধৰি বন্ধ আছিল ফেৰী সেৱা । ছয়দিন এই সেৱা একেৰাহে বন্ধৰ পাচত পানী কিছু হ্ৰাস পোৱাত এদিন চলিছিল যদিও পাচত জলস্তৰ পুনৰ বৃদ্ধি পোৱাত আকৌ বন্ধ হৈ পৰে ফেৰী সেৱা । আজি দুপৰীয়াৰ ভাগৰ পৰা কমলাবাৰী- নিমাতীৰ মাজত আৰম্ভ হৈছে গুটীয়া ফেৰী সেৱা । পূৰ্বৰ নদী পথ সলনি কৰি নতুন পথৰে চলাচল কৰিছে ফেৰী সেৱা ।

আনহাতে, নিমাতী-অফলামুখ ফেৰী সেৱা এতিয়াও বন্ধ হৈ আছে । আজি ফেৰী কমলাবাৰী-নিমাতীৰ মাজত চলিছে যদিও বৰ্তমান দুচকীয়া বাহন আৰু সাধাৰণ যাত্ৰীৰহে ব্যৱস্থা কৰা হৈছে । পৰৱৰ্তী সময়ত নদীৰ গতিপথ চাই জাহাজৰ ব্যৱস্থা কৰা হ'ব বুলি বিভাগীয় বিষয়াই সদৰী কৰিছে ।

লগতে পঢ়ক:যোৰহাট-মাজুলীৰ মাজত পুনৰ আৰম্ভ হ’ল ফেৰী সেৱা - Majuli Ferry Service

পানীৰ তলত ৰেম্প : বন্ধ ফেৰী চলাচল, যাত্ৰীৰ হাহাকাৰ - Majuli Ferry Service

অফলামুখৰ পৰা নিমাতীৰ মাজত সন্ধিয়াৰ ভাগতো চলিব ফেৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.