ৰহাত চিলাৰায় দিৱস উদযাপন; কোঁচ ৰাজবংশীক শীঘ্ৰে জনজাতিকৰণৰ দাবী
🎬 Watch Now: Feature Video
ৰহা, 25 ফেব্ৰুৱাৰী : শনিবাৰে ৰহাত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয় । কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও আৰু মৰিগাঁও জিলা সমিতিৰ সহযোগত ৰহাৰ ডিমৌত আয়োজিত এই বীৰ চিলাৰায় দিৱস উপলক্ষে পুৱা চাৰিখনকৈ পতাকা উত্তোলন কৰা হয় ।
সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা, স্ব-জনগোষ্ঠীয় পতাকা, চিলাৰায় সেনাৰ পতাকা আৰু কোঁচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন কৰাৰ পিচতে ছহিদ তৰ্পন আৰু বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচতে উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা ।
সত্ৰীয়া সংস্কৃতি, দিহা নাম, তিৱাকে ধৰি কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত ।বাৰেৰহণীয়া এই শোভাযাত্ৰাই স্থানীয় লোকৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছিল ৷
লগতে পঢ়ক: বঙাইগাঁৱত উলহ মালহেৰে আয়োজন চিলাৰায় দিৱস