গুৱাহাটীত ২৯৮ কোটি টকা ব্যয় সাপেক্ষ্যে নিৰ্মাণ হ'ব একতা মল
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৩ মাৰ্চঃ বছৰি চাৰে পাঁচ লাখ লোকৰ সমাগম হোৱাৰ লক্ষ্যৰে গুৱাহাটীত নিৰ্মাণ কৰা হ'ব একতা মল । অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হ'বলগীয়া এই ইউনিটি মল তথা একতা মলৰ বাবে ২৯৮ কোটি টকা ব্যয় কৰা হ'ব । বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ হ'বলগীয়া এই মলটোৰ বুধবাৰে ভূমিপূজন কৰা হয় ।
গুৱাহাটীৰ বেতকুছিত নিৰ্মাণ হ'বলগীয়া এই মলটোৰ ভূমিপূজন কাৰ্যসূচীত ভাগ লয় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ১৫ মাহৰ ভিতৰত মলটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ভূমিপূজনৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই মলত প্ৰতিখন জিলাৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ ব্যৱস্থা থাকিব । এটা থাকিব ৰাজ্যিক এম্প'ৰিয়াম আৰু এটা থাকিব জিলা এম্প'ৰিয়াম । তাৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰদৰ্শনীৰ ব্যৱস্থা থাকিব । বিশেষকৈ অসমৰ থলুৱা, হস্তশিল্প, জি আই টেগ সমৃদ্ধ সামগ্ৰী উপলব্ধ হ'ব এই মলত ।
অসমৰ প্ৰতিখন জিলাৰ বাবে সমআকাৰৰ ৩৫খন বিপণী থাকিব । সেইদৰে ৰাজ্যসমূহৰ সামগ্ৰী প্ৰদৰ্শনৰ বাবেও বিপণীৰ ব্যৱস্থা থাকিব । আনহাতে, আলোচনা, সাংস্কৃতিক অনুষ্ঠান আদিৰ বাবে দুটাকৈ প্ৰেক্ষাগৃহ থাকিব । তদুপৰি যোগাভ্যাস আৰু ধ্যান কেন্দ্রও থাকিব । এইটো প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সপোন বুলি সদৰী কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অহা বছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব । কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে পুঁজিৰ যোগান ধৰিছে বুলি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ।
লগতে পঢ়ক:আজিৰ দিনটোত অসমৰ কাৰণে হাঁহিবলৈ, নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ