thumbnail

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:56 PM IST

Updated : Jan 20, 2024, 12:14 AM IST

ETV Bharat / Videos

ৰাম মন্দিৰৰ লগত সংগতি ৰাখি শিলচৰত ভজন শোভাযাত্ৰা

শিলচৰ, 19 জানুৱাৰী: অযোধ্যাত ৰাম মন্দিৰ উদ্ধোধন আৰু ৰামলালৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে শিলচৰত দেখা গ’ল বিশাল সমদল ৷ শুকুৰবাৰে শিলচৰৰ বিধায়ক দীপায়ন চক্ৰবৰ্তীৰ উদ্যোগত ‘মেঘা ভজন শোভাযাত্ৰা’ নামেৰ শিলচৰ চহৰত উলিওৱা হয় সমদলটো ৷ উক্ত সমদলটোত হাজাৰ হাজাৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

শিলচৰ জিলা ক্ৰীড়া খেলপথাৰৰ মূল তোৰণৰ পৰা সমদলটো আৰম্ভ কৰা হয় আৰু চহৰখনৰ প্ৰধান প্ৰধান পথসমূহেৰে সমদলটো লৈ যোৱা হয় ৷ RSS ৰ দক্ষিণ অসম প্ৰান্তৰ সম্পৰ্ক প্ৰমুখ ক্ষৌণীশ চন্দ্ৰ চক্ৰবৰ্তীৰ নেতৃত্বত উলিওৱা সমদলটো ৰাঙিৰখাৰিত সমাপ্ত কৰা হয় ।

বিশাল সমদলটোত ভজন পৰিৱেশন কৰে মনোজ পণ্ডিতৰ লগতে দিশা বৰুৱাই । শিলচৰ বিধায়ক দ্বীপায়ন চক্ৰৱৰ্তীয়েও সমদলটোত অংশগ্ৰহণ কৰে।  উল্লেখ্য যে 18 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ছাফাই অভিযানো অব্যাহত ৰখা হৈছে শিলচৰত ৷

লগতে পঢ়ক: ভক্তিৰ সাগৰলৈ ৰূপান্তৰিত হৈছে অযোধ্যা, জ্বলিছে 108 ফুট দীঘল ধূপ

Last Updated : Jan 20, 2024, 12:14 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.