বগা গাখীৰৰ ক'লা বেহা, কাণসাৰ নাই প্ৰশাসনৰ - Adulterated Milk - ADULTERATED MILK
🎬 Watch Now: Feature Video
Published : Sep 1, 2024, 8:07 PM IST
মাণিকপুৰ, ১ ছেপ্টেম্বৰ : আপুনি বাৰু গাখীৰ খাই ভাল পায় নেকি ? ল’ৰা-ছোৱালীক গৰুৰ গাখীৰ খুৱায় নেকি ? আচলতে আপুনি কি খাইছে, কি খুৱাইছে সন্তানক-গাখীৰ নে বৰবিহ ? চৰকাৰে খাদ্য় ভেজালকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো এনে বেহা মুকলি ভাৱেই চলি আছে । বঙাইগাঁও জিলাৰ ঘাইপথৰ সমীপতেই চলিছে এই বেহা ।
বঙাইগাঁও জিলাৰ কাহিবাৰীৰ আই নৈৰ সমীপত পানীত এক ধৰণৰ সস্তীয়া পাউদাৰ মিহলি কৰি গাখীৰ প্ৰস্তুত কৰাৰ দৃশ্য় দেওবাৰে বন্দী হয় কেমেৰাত । দুগৰাকী মহিলাই পাউদাৰ মিহলি কৰি গাখীৰ প্ৰস্তুত কৰাৰ সময়ত পাত্ৰ পৰিস্কাৰৰ কথাটো বাদেই, পানীক গাখীৰ বনোৱাৰ পিচতে এইবিধ মিশ্ৰণ মিহলি কৰে গৰুৰ গাখীৰত ।
এই ভেজাল গাখীৰ বিক্ৰী কৰে বঙাইগাঁও, চাপৰ আদিৰ বিভিন্ন স্থানত । স্বয়ং ভেজাল গাখীৰ বিক্ৰেতাই স্বীকাৰ কৰিলে এই বেহাৰ কথা । ইয়াৰ পিচতো চকু মুদা কুলিৰ ভাও ধৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগে ।