thumbnail

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:32 PM IST

ETV Bharat / Videos

লিডু আই টি আইৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তিনি অভিযুক্তক আটক - Mysterious Death In Ledo

তিনিচুকীয়া,৩ জুন: তিনিচুকীয়া জিলাৰ লিডুৰ আই টি আইৰ এজন ছাত্ৰক কেইজনমান কিশোৰে ঘপিয়াই হত্য়া কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাত জড়িত তিনি অভিযুক্তক সোমবাৰে আৰক্ষীয়ে আটক কৰে । উত্থাপিত অভিযোগ মতে শনিবাৰে নিশা শিলগুটি, দাৰে নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ পাচত পেলাই থৈ গৈছিল আদিত্য ভূমিজ নামৰ লিডুৰ আই টি আইৰ ছাত্ৰজনক ।  

যোৱা ১ জুনৰ নিশা প্ৰায় ১০ বজাত মাৰ্ঘেৰিটাৰ নামদাং চাহ বাগিচাৰ পথত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ । মৃতদেহৰ কাষত উদ্ধাৰ হৈছিল ৰক্তৰঞ্জিত এখন দা । মাৰ্ঘেৰিটা থানাৰ আৰক্ষীৰ তৎপৰতাত সমগ্ৰ ঘটনাৰ ৰহস্য অতি শীঘ্ৰে উদঘাটন হোৱাত আটক হয় তিনি অভিযুক্ত ।

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কয় যে দুটা ফৈদৰ মাজত কোনো বিষয়ক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । সুৰাপান কৰা এই দল দুটাই পিচত এই ছাত্ৰজনক প্ৰহাৰ কৰাত তেওঁ মৃত্য়ুমুখত পৰে ।

লগতে পঢ়ক:অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : নিৰৱচ্ছিন্ন তদন্ত অব্যাহত আৰক্ষী-ফৰেনছিক দলৰ - DHAKUAKHANA MURDER

অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : কোনে হত্যা কৰিলে সুনীল গগৈক ? - Mysterious Death In Lakhimpur

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.