thumbnail

জলসম্পদ মন্ত্ৰীৰ পুত্তলিকা নৈত উটুৱাই আছুৰ প্ৰতিবাদ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:03 PM IST

কলিয়াবাৰ,৬ জুলাই : ৰাজ্যত এতিয়া আহাৰমহীয়া বানৰ সংহাৰ । লাখ লাখ লোক বানৰ কৱলত পৰিছে । ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈ পৰিছে লোকসকল । বছৰি বানৰ ফলত অসম ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে যদিও বান নিয়ন্ত্ৰণত বিফল হৈছে অসম চৰকাৰ । যাৰ বাবে আছুৱে শনিবাৰে নগাঁও জিলাৰ কলিয়াবৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্তলিকা নৈত উটুৱাই দি প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে । আনহাতে জলসম্পদ মন্ত্ৰীৰ পদত্যাগৰো দাবী কৰে ছাত্ৰ সংগঠনটোৱে ।

উল্লেখ্য যে হাতীমূৰা মথাউৰি ছিগা ৫ দিন অতিক্ৰম কৰিলে । কিন্তু এতিয়ালৈকে জলসম্পদ মন্ত্ৰীয়ে অঞ্চলটোৰ ৰাইজৰ ওচৰত থিয় দিয়া নাই । একেদৰে শ্লুইছ গেটৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়াৰো কোনো গুৰুত্ব নাই । যাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠান, জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা আৰু মন্ত্ৰীৰ বিৰুদ্ধে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে শীঘ্ৰে বানপীড়িতক সাহায্য প্ৰদান নকৰিলে আৰু বান সমস্যা সমাধান কৰিব নোৱাৰিলে আছুৱে ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক :চৰাঞ্চলৰ বন্যাৰ্তৰ কাষত এটা দম্পতী - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.