ETV Bharat / technology

কেৱল মাত্ৰ 7.50 টকাতেই যাব পাৰিব 100 কি.মি.; জানক কেনেকৈ ? - ZELIO EBIKES LAUNCHED NEW X MEN

ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী ZELIO Ebikes এ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ভাৰতত মুকলি কৰে নতুন কম গতিৰ ইলেক্ট্ৰিক স্কুটাৰ X-MEN 2.0 ।

zelio-ebikes-launches-new-electric-x-men-20-scooter-in-india-price-features
কেৱল মাত্ৰ 7.50 টকাতেই যাব পাৰিব 100 কি.মি.; জানক কেনেকৈ ? (Zelio Ebikes)
author img

By ETV Bharat Tech Team

Published : Nov 14, 2024, 5:03 PM IST

হায়দৰাবাদ: Zelio eBikes এ মুকলি কৰিছে তেওঁলোকৰ জনপ্ৰিয় এক্স-মেন ছিৰিজৰ স্কুটাৰ এক্স-মেন 2.0 । এই মডেলে বিভিন্ন আকৰ্ষণীয় বৈশিষ্ট্যৰে বজাৰত প্ৰৱেশ কৰিছে । X-MEN 2.0 স্কুটাৰখন চহৰবাসী, স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰী, নিয়মীয়াকৈ কাৰ্যালয়লৈ যোৱা আদি নাগৰিকৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে । ইয়াৰ সবিশেষ জানো আহক ।

Zelio X-Men 2.0 Electric Scooter

এইটো Zelio কোম্পানীৰ জনপ্ৰিয় ইলেক্ট্ৰিক স্কুটাৰ X-Men ছিৰিজৰ উন্নীত সংস্কৰণ । ইয়াত নতুন বৈশিষ্ট্য আৰু প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । যাৰ ফলত স্কুটাৰখন পূৰ্বৰ মডেলতকৈ উন্নত দেখা গৈছে । আকৰ্ষণীয় ৰূপ আৰু শক্তিশালী বেটাৰী পেকেৰে সজ্জিত এই স্কুটাৰখনৰ মূল্য 71,500 টকা (এক্স-শ্ব’ৰুম)। এই স্কুটাৰখন সাধাৰণ মানুহৰ দৈনন্দিন যাতায়তৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিৰ্মাণ কৰা হৈছে । স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী, অফিচলৈ যোৱা বা চহৰত অহা-যোৱা কৰা লোকৰ কথা মনত ৰাখি কোম্পানীয়ে এই স্কুটাৰখন ডিজাইন কৰিছে । কোম্পানীটোৱে এই স্কুটাৰখন লিড এচিড আৰু লিথিয়াম-আয়ন বেটাৰী পেকৰ সৈতে চাৰিটা ভেৰিয়েণ্টত প্ৰৱৰ্তন কৰিছে ।

ইলেক্ট্ৰিক স্কুটাৰ কেনেকুৱা

X MEN 2.0 ৰ ৰূপ আৰু ডিজাইন বহুলাংশে পূৰ্বৰ মডেলৰ দৰেই । কিন্তু কোম্পানীয়ে ইয়াত কিছু প্ৰসাধন সালসলনি কৰিছে । কম গতিৰ ইলেক্ট্ৰিক স্কুটাৰ হিচাপে ইয়াত 60/72V ক্ষমতাসম্পন্ন বিএলডিচি ইলেক্ট্ৰিক মটৰ আছে । কোম্পানীটোৱে দাবী কৰিছে যে এই স্কুটাৰখনে একক চাৰ্জত সৰ্বোচ্চ 100 কিলোমিটাৰ ড্ৰাইভিং ৰেঞ্জৰ সুবিধা প্ৰদান কৰে । কোম্পানীটোৱে জনাইছে যে ইয়াৰ শীৰ্ষ গতিবেগ 25 কিলোমিটাৰ প্ৰতি ঘণ্টাত ।

7.50 টকা চাৰ্জ

জেলিঅ’ কোম্পানীয়ে আন এটা দাবী উত্থাপন কৰি কয় যে ইলেক্ট্ৰিক স্কুটাৰৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ কৰিবলৈ সৰ্বাধিক 1.5 ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা হয় । যদি আপুনি এই স্কুটিখন দিল্লীত ব্যৱহাৰ কৰি আছে তেন্তে ইয়াত 0-200 ইউনিট বিদ্যুতৰ চাৰ্জ প্ৰতি ইউনিটত প্ৰায় 3 ৰ পৰা 4.16 টকা । আমি প্ৰতি ইউনিটত গড়ে 5 টকা বিবেচনা ধৰিলেও 1.5 ইউনিট বিদ্যুতৰ বাবে আপুনি সৰ্বাধিক 7.5 টকা খৰচ কৰিব লাগিব । অৰ্থাৎ মাত্ৰ 7.5 টকাত আপুনি প্ৰায় 100 কিলোমিটাৰ ড্ৰাইভিং ৰেঞ্জৰ সুবিধা লাভ কৰিব পাৰিব । কিন্তু মন কৰিবলগীয়া যে বিভিন্ন ৰাজ্যত বিদ্যুতৰ হাৰ কম বা বেছি হোৱাৰ বাবে পৰিমাণত সাধাৰণ তাৰতম্য হ’ব পাৰে ।

চাৰ্জিং সময়

90 কিলোগ্ৰাম ওজনৰ ইলেক্ট্ৰিক স্কুটাৰ এখনে 180 কিলোগ্ৰাম পৰ্যন্ত সৰ্বোচ্চ বোজা (পেলোড) কঢ়িয়াব পাৰে । অৰ্থাৎ ইয়াত দুজন মানুহে সহজে যাত্ৰা কৰিব পাৰিব । ইয়াৰ সৈতে দুটা বেলেগ বেলেগ বেটাৰী পেক আছে । লিথিয়াম বেটাৰী সম্পূৰ্ণৰূপে চাৰ্জ হ’বলৈ 4 ৰ পৰা 5 ঘণ্টা সময় লাগে আৰু লিড-এচিড বেটাৰী সম্পূৰ্ণ চাৰ্জ হ’বলৈ প্ৰায় 8 ৰ পৰা 10 ঘণ্টা সময়ৰ প্ৰয়োজন ।

বৈশিষ্ট্য

কোম্পানীয়ে X-MEN 2.0 ত কিছুমান বিশেষ বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰিছে । সন্মুখ আৰু পিছফালে ডিস্ক ব্ৰেকৰ বাহিৰেও ইয়াৰ সন্মুখত এলয় হুইল আছে । পিছৰ চকাটো হাব মটৰৰ সৈতে সংযুক্ত কৰা হৈছে । সন্মুখত টেলিস্কোপিক ফৰ্ক আৰু পিছফালে স্প্ৰিং লোডেড শ্বক এবজৰ্বাৰ ছাচপেনচন । আন আন বৈশিষ্ট্য যেনে এণ্টি-থেফ্ট এলাৰ্ম, পাৰ্কিং চুইচ, ৰিভাৰ্ছ গিয়াৰ, ইউএছবি ফোন চাৰ্জিং প’ৰ্ট, ডিজিটেল ডিছপ্লে, অটো-ৰিপেয়াৰ চুইচ আৰু চেণ্ট্ৰেল লকিঙৰ বাবে এই স্কুটাৰখন আৰু ভাল হৈছে। কোম্পানীয়ে এই স্কুটিৰ 10 হাজাৰ কিলোমিটাৰ পৰ্যন্ত ৱাৰেণ্টী দিছে ।

চাৰিটা ৰঙৰ বিকল্প

কোম্পানীটোৱে মুঠ চাৰিটা ভাইব্ৰেণ্ট ৰঙৰ বিকল্পৰ সৈতে এক্স-মেন 2.0 স্কুটাৰ মুকলি কৰিছে । য’ত সেউজীয়া, বগা, ৰূপালী আৰু ৰঙা ৰং অন্তৰ্ভুক্ত কৰা হৈছে । জেলিঅ' এবিকেছৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক কুনাল আৰিয়াই কয়, "নিম্ন গতিৰ ইলেক্ট্ৰিক স্কুটাৰ ছেগমেণ্ট দ্ৰুতগতিত বৃদ্ধি পাইছে । নতুন এক্স-মেন 2.0 নিৰ্মাণৰ ক্ষেত্ৰত আমি পৰিৱেশন, শৈলী, ব্যয়সাধ্যতা আৰু স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো ।"

লগতে পঢ়ক: শীঘ্ৰেই ভাৰতত মুকলি কৰা হ’ব হোণ্ডাৰ প্ৰথমখন ইলেক্ট্ৰিক স্কুটাৰ

আকৰ্ষণীয় লুক আৰু বৈশিষ্ট্যৰ সৈতে বজাৰত মুকলি Rorr EZ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.