ETV Bharat / technology

হোৱাটছএপত সংযুক্ত হ’ল নতুন আকৰ্ষণীয় বৈশিষ্ট্য - জানক - WHATSAPP NEW FEATURE

WhatsApp ত সংযুক্ত হ’ল Typing Indicator' বৈশিষ্ট্য ৷ গ্ৰুপ চেট এতিয়া হৈ পৰিল আগতকৈও সহজ !

interesting feature on WhatsApp
হোৱাটছএপত সংযুক্ত হ’ল নতুন আকৰ্ষণীয় বৈশিষ্ট্য - জানক (WhatsApp)
author img

By ETV Bharat Tech Team

Published : Dec 8, 2024, 4:56 PM IST

হায়দৰাবাদ: হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ । জনপ্ৰিয় তথা শীঘ্ৰে বাৰ্তা প্ৰেৰণ কৰা এপ হোৱাটছএপে আনিছে আন এক নতুন বৈশিষ্ট্য । ‘টাইপিং ইনডিকেটৰ’ নামৰ এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলৰ বাবে Chating কৰি থকা সময়ত Chat সহজ কৰি তোলে । বিশেষকৈ এই বৈশিষ্ট্যৰ সহায়ত গ্ৰুপ চেটত আৰু কোনো ধৰণৰ বিভ্ৰান্তি নাথাকিব । বৃহস্পতিবাৰে কোম্পানীটোৱে এই আপডেটৰ বিষয়ে তথ্য প্ৰদান কৰে ।

টাইপিং ইনডিকেটৰ কি?

মেটা মালিকানাধীন হোৱাটছএপে এই আপডেটৰ বিষয়ে অৱগত কৰি শেহতীয়াকৈ এক ঘোষণা কৰিছে । এই অনুসৰি এতিয়া হোৱাটছএপত মেছেজ টাইপ কৰাৰ সময়ত টাইপিং ইনডিকেটৰ ফিচাৰটো '...' দৃশ্যমান হ’ব । টাইপ কৰা ব্যৱহাৰকাৰীৰ প্ৰফাইল ইমেজৰ সৈতে ই চেট স্ক্ৰীণৰ তলত দেখা যাব ।

এই বৈশিষ্ট্যৰ সুবিধাসমূহ কি?

এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে সহজেই জানিব পাৰে যে তেওঁলোকে Chat কৰি থকা ব্যক্তিজনে কেতিয়া টাইপ কৰি আছে । অৰ্থাৎ এতিয়া যদি কোনোবাই বাৰ্তা টাইপ কৰি আছে তেন্তে Chat স্ক্ৰীণত এটা দৃশ্যমান সূচকৰ সৈতে এটা টাইপিং সূচকও দেখা যাব । ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে সহজেই জানিব পাৰিব কোনে বাৰ্তাটো টাইপ কৰিছে ।

এই বৈশিষ্ট্য বিশেষকৈ গ্ৰুপ Chat ব্যৱহাৰকাৰীসকলৰ বাবে উপযোগী, কাৰণ ই ব্যৱহাৰকাৰীৰ প্ৰফাইল ছবিও দেখুৱাব । ইয়াৰ ফলত গ্ৰুপ চেটত একে সময়তে কিমান মানুহে Chat কৰি আছে সেই লৈ কোনো বিভ্ৰান্তি নাথকিব । পূৰ্বতে সক্ৰিয় Chat ৰ সময়ত ওপৰৰ বেনাৰত কেৱল ‘টাইপিং’হে দেখা গৈছিল ।

ই কাৰ বাবে উপলব্ধ?

এই বৈশিষ্ট্যটো প্ৰথমবাৰৰ বাবে অক্টোবৰ মাহত আপডেট কৰা হৈছিল । সেই সময়ত ই কেৱল নিৰ্বাচিত বিটা পৰীক্ষকৰ বাবেহে উপলব্ধ আছিল । অৱশ্যে কোম্পানীটোৱে এতিয়া ঘোষণা কৰিছে যে এই ‘টাইপিং ইনডিকেটৰ’ ফিচাৰটো সকলো আই অ’ এছ আৰু এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে হোৱাটছএপত উপলব্ধ কৰা হৈছে ।

লগতে পঢ়ক: নীতি উলংঘা! মেটাক 213 কোটি টকাৰ জৰিমনা ভাৰতৰ এণ্টিট্ৰাষ্ট নিৰীক্ষণকাৰীৰ

WhatsApp গ্ৰুপৰ নটিফিকেশ্যনত অতিষ্ঠ হৈ পৰিছে নেকি ? শীঘ্ৰেই লাভ কৰিব সমাধান

হোৱাটছএপ ভিডিঅ’ কলত এতিয়াৰে পৰা উপলব্ধ বিভিন্ন আকৰ্ষণীয় বৈশিষ্ট্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.