ETV Bharat / technology

এম জি হেক্টৰ প্লাছৰ দুটা নতুন ভেৰিয়েণ্ট মুকলি - MG HECTOR PLUS

জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই নিজৰ এম জি হেক্টৰ প্লাছ ৰেঞ্জত দুটা নতুন ভেৰিয়েণ্ট মুকলি কৰিছে । ইয়াৰ আৰম্ভণি মূল্য 19.72 লাখ ।

Two new variants of MG Hector Plus launched, know what are the features and price
এম জি হেক্টৰ প্লাছৰ দুটা নতুন ভেৰিয়েণ্ট মুকলি (MG Motor India)
author img

By ETV Bharat Tech Team

Published : Nov 7, 2024, 5:11 PM IST

হায়দৰাবাদ: জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই নিজৰ MG Hector Plus ৰেঞ্জত দুটা নতুন ভেৰিয়েণ্ট মুকলি কৰিছে। কোম্পানীটোৱে ইয়াৰ আৰম্ভণি মূল্য 19.72 লাখ টকা (এক্স শ্ব’ৰুম) ৰাখিছে। এই দুটা ভেৰিয়েন্ট চেলেক্ট প্ৰ’ পেট্ৰ’ল চিভিটি আৰু স্মাৰ্ট প্ৰ’ ডিজেল এমটি হিচাপে প্ৰৱৰ্তন কৰা হৈছে, যাৰ মূল্য ক্ৰমে ১৯.৭২ লাখ আৰু ২০.৬৫ লাখ টকা (এক্স শ্ব’ৰুম)।

MG Hector Plus ৰ নতুন ভেৰিয়েন্টত বৈশিষ্ট্য

এই দুটা নতুন ভেৰিয়েন্টত উপলব্ধ বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গ’লে, ইয়াৰ ভিতৰত আছে ১৪ ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, আই-স্মাৰ্ট সংযুক্ত গাড়ী প্ৰযুক্তি, বেতাঁৰ এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটো, বেতাঁৰ চাৰ্জাৰ, ইঞ্জিন ষ্টাৰ্ট-ষ্টপ বুটাম, চালিত ড্ৰাইভাৰ চিট, লেদাৰেট আপহ’লষ্টৰী আৰু... ডুৱেল-টোন ইণ্টেৰিয়ৰ থিম।

MG Hector Plus ৰ বাহিৰৰ অংশ

এম জি হেক্টৰ প্লাছ চিলেক্ট প্ৰ’ পেট্ৰ’ল চিভিটি আৰু স্মাৰ্ট প্ৰ’ ডিজেল এমটিৰ নতুন ভেৰিয়েন্টৰ বাহিৰৰ কথা ক’বলৈ গ’লে এই ভেৰিয়েন্টসমূহত এল ই ডি প্ৰজেক্টৰ হেডলেম্প, ১৮ ইঞ্চিৰ মেচিনেৰে নিৰ্মিত এলয় হুইল আৰু সংযুক্ত এল ই ডি লাইট বাৰৰ সৈতে এল ই ডি টেইললাইট ব্যৱহাৰ কৰা হৈছে।

MG Hector Plus ৰ পাৱাৰট্ৰেইন

MG Hector Plus ৰ নতুন চেলেক্ট প্ৰ’ পেট্ৰ’ল চিভিটি ভেৰিয়েণ্টৰ কথা ক’বলৈ গ’লে ইয়াত 1.5 লিটাৰৰ টাৰ্বোচাৰ্জড পেট্ৰ’ল ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে 141 বিএইচপি শক্তি আৰু সৰ্বোচ্চ 250 এনএম টৰ্ক প্ৰদান কৰে । আনহাতে, আনটো স্মাৰ্ট প্ৰ’ ডিজেল এম টি ভেৰিয়েণ্টত 2.0 লিটাৰৰ টাৰ্বো-ডিজেল ইঞ্জিন পোৱা গৈছে ।

এই ইঞ্জিনে 168 বিএইচপি শক্তি আৰু সৰ্বোচ্চ 350 এনএম টৰ্ক প্ৰদান কৰে । উল্লেখযোগ্য যে, দুয়োখন নতুন গাড়ী সাতখন আসনৰ কনফিগাৰেচনত আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক: উৎসৱৰ বতৰত ক্ৰয় কৰিব বিচাৰিছে নেকি Tata Curvv EV; তেন্তে জানি লওক ইয়াৰ বিভিন্ন ভেৰিয়েণ্টৰ বিষয়ে

ঘোষণা হ’ল Maruti Suzuki Dzire ৰ নতুন সংস্কৰণ মুকলিৰ দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.