ETV Bharat / technology

ভাৰতত মুকলি হ’ল Jawa 42 FJ : বুকিং আৰম্ভ - Jawa 42 FJ launched in India

author img

By ETV Bharat Tech Team

Published : Sep 4, 2024, 9:39 AM IST

Jawa 42 FJ launched: Jawa Yezdi এ ভাৰতৰ বজাৰত মুকলি কৰিলে নতুন Jawa 42 FJ মটৰ চাইকেল । ইয়াৰ আৰম্ভণিৰ এক্স শ্ব’ৰুম মূল্য 1.99 লাখ টকা । ‘42’ লাইনআপত Jawa 42 FJ হৈছে স্প’ৰ্টী আৰু অধিক শক্তিশালী মডেল ।

The new Jawa 42 FJ motorcycle launched by Jawa Yezdi Motorcycles
ভাৰতত মুকলি হ’ল Jawa 42 FJ : বুকিং আৰম্ভ (Jawa)

নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ: উৎসৱৰ বতৰত ভাৰতীয় বজাৰত মুকলি হ’ল এখন নতুন বাইক ৷ Jawa Yezdi Motorcycles এ মুকলি কৰিছে নতুন Jawa 42 FJ মটৰ চাইকেল । ‘42’ লাইনআপত Jawa 42 FJ হৈছে স্প’ৰ্টী আৰু অধিক শক্তিশালী মডেল । আন Jawa 42 মটৰ চাইকেলৰ তুলনাত এইখনত বহু পৰিৱৰ্তন কৰা হৈছে । মুকলিৰ লগে লগে কোম্পানীটোৱে বুকিং আৰম্ভ কৰিছে । ইয়াৰ ডেলিভাৰীও শীঘ্ৰে আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ।

ইয়াৰ এক্স শ্ব’ৰুম মূল্য 1.99 লাখ টকা । ভাৰতীয় বজাৰত ই Royal Enfield Huntak 350 আৰু Honda CB350 ৰ দৰে মডেলৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।

Jawa 42 FJ বৈশিষ্ট্যসমূহ

Jawa 42 FJ ত 334cc, লিকুইড-কুল্ড, একক চিলিণ্ডাৰ ইঞ্জিন আছে, যিয়ে 21.45bhp শক্তি আৰু 29.62Nm টৰ্ক উৎপন্ন কৰে । ইঞ্জিনটো স্লিপ আৰু এছিষ্ট ক্লাচৰ সৈতে 6 স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে । অৱশ্যে ইয়াৰ মাইলেজৰ পৰিসংখ্যা প্ৰকাশ কৰা হোৱা নাই ।

আধুনিক ৰেট্ৰ’ থিম

Jawa 42 FJ ৰ ডিজাইনৰ কথা ক’বলৈ গ’লে এই মটৰ চাইকেলখনৰ আধুনিক ৰেট্ৰ’ থিম আছে । এলুমিনিয়াম ঢাকনি আছে ইন্ধনৰ টেংকটোত । ব্ৰেণ্ডটোৰ আন Jawa 42 ৰ সৈতে একেধৰণৰ চাইড পেনেল । পিছফালৰ ফেণ্ডাৰৰ পৰা জাভা টেইল আৰু ফেণ্ডাৰো আছে ।

স্প’ৰ্টী লুক

ইয়াত মাল্টি-স্পক এলয় হুইল, ব্লেক আউট ইঞ্জিন আৰু আপছুইপড এক্সজেষ্ট পাইপে বাইকখনৰ স্প’ৰ্টী লুকক অধিক আকৰ্ষণীয় কৰি তুলিছে । বেচ মডেলত তাঁৰৰ স্পক চকা পোৱা যায় । 5 টা ৰঙত বজাৰত উপলব্ধ এই দুচকীয়াখন ।

ইয়াৰ অন্যান্য বৈশিষ্ট্যসমূহৰ কথা ক’বলৈ গ’লে ইয়াত এল ই ডি লাইট, এটা USB চাৰ্জিং প’ৰ্ট, আৰু এটা চিংগল-পড, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰো আছে । মটৰ চাইকেলখনত ষ্টীলৰ চেছিছ ব্যৱহাৰ কৰা হৈছে, যিটো 41 মিমি টেলিস্কোপিক ফৰ্ক আৰু টুইন শ্বকৰ সৈতে যোৰ কৰা হৈছে । ব্ৰেকিং আৰু সুৰক্ষাৰ বাবে সন্মুখত 320 মিমি ডিস্ক ব্ৰেক আৰু পিছফালে ডিস্ক ব্ৰেক আছে । এই মটৰ চাইকেলখনত ষ্টেণ্ডাৰ্ড হিচাপে ডুৱেল চেনেল ABS উপলব্ধ ।

লগতে পঢ়ক: Royal Enfield 350 ক্ৰয় কৰক আৰু লাভ কৰক দক্ষিণ ভাৰত ভ্ৰমণৰ সুবিধা ! - 2024 Royal Enfield Classic 350

বুলেটপ্ৰেমীৰ বাবে সুখবৰ ! ভাৰতত মুকলি হ’ল চলিত বৰ্ষৰ Royal Enfield Classic 350 - 2024 Royal Enfield Classic 350

10,000 টকা পৰ্যন্ত ৰেহাই লাভ কৰি আজিয়েই ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন - Subsidy for electric scooters

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.