হায়দৰাবাদ: শুকুৰবাৰে Nvidia ই বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে স্বাকৃতি লাভ কৰে ৷ এপলক অতিক্ৰম কৰি বজাৰ মূল্য 3.53 ট্ৰিলিয়ন ডলাৰত উপনীত হয় ৷ আইফোন নিৰ্মাতা কোম্পানীটোৰ 3.52 ট্ৰিলিয়ন ডলাৰৰ মূল্যতকৈ অলপ বেছি । ৰয়টাৰৰ মতে, Nvidia ই ষ্টকসমূহত “ৰেকৰ্ড-ছেটিং ৰেলী” দেখা পাইছিল । নতুন ছুপাৰ কম্পিউটিং এআই চিপৰ অপৰিসীম চাহিদাৰ ফলত ষ্টকৰ অভিলেখ সৃষ্টিকাৰী উত্থান ঘটিছে ।
Nvidia ই দিনটোৰ অন্ত পেলাইছে 0.8 শতাংশ বৃদ্ধিৰ বিপৰীতে এপলৰ শ্বেয়াৰৰ মূল্য 0.4 শতাংশ বৃদ্ধি পাইছে । ইফালে মাইক্ৰ’ছফ্টৰ মূল্য 3.18 ট্ৰিলিয়ন ডলাৰ আৰু ষ্টকৰ মূল্য 0.8 শতাংশ বৃদ্ধিৰে তৃতীয় স্থানত আছে ।
জিপিইউ কোম্পানীয়ে বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হোৱাটো প্ৰথম নহয় । জুন মাহত Nvidia ই মাইক্ৰ’ছফ্ট আৰু এপলক অতিক্ৰমি শীৰ্ষস্থান দখল কৰিছিল । যোৱা কেইবামাহো ধৰি এই তিনিটা আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠানে সম প্ৰতিযোগিতাৰে বজাৰ মূলধনৰ দৌৰত নমা পৰিলক্ষিত হৈছে ৷
Nvidia হৈছে প্ৰচেছৰৰ এটা আগশাৰীৰ ডিজাইনাৰ, যাক গ্ৰাফিক্স প্ৰচেছিং ইউনিট বা GPU হিচাপে জনা যায় -- ভিডিঅ' গেমৰ বাবে । কিন্তু এতিয়া কোম্পানীটোৱে কৃত্ৰিম বুদ্ধিমত্তাৰ হাৰ্ডৱেৰ, চফ্টৱেৰ আৰু সেৱাৰ ক্ষেত্ৰতো হেডৱিণ্ড কৰি এআই চিপৰ আগশাৰীৰ যোগানকাৰী হিচাপে পৰিগণিত হৈছে । অক্টোবৰ মাহত কোম্পানীটোৰ ষ্টক প্ৰায় 18 শতাংশ বৃদ্ধি পাইছিল ৷
মাত্ৰ শেহতীয়াকৈ Nvidia ই ভাৰতত এআই আন্তঃগাঁথনি বিকাশৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে । ভাৰতত কোম্পানীটোৰ প্ৰথমখন এআই সন্মিলনত হোৱা আলোচনাৰ সময়ত Nvidia ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া জেনচেন হুয়াং আৰু ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে আলোচনাত বহে আৰু ভাৰতৰ বৃহৎ জনসংখ্যা আৰু কম্পিউটাৰ বিজ্ঞান উদ্যোগক মূল সুবিধা হিচাপে আম্বানীয়ে উল্লেখ কৰে ।