হায়দৰাবাদ: প্ৰযুক্তিৰ ক্ষেত্ৰত অগ্ৰণী দেশ জাপান । এই দেশখনে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰি বিশ্ববাসীক আচৰিত কৰি তুলিছে । এইবাৰ এই তালিকাত দেশখনে সংযোজন কৰিছে ‘হিউমেন ৱাশ্বিং মেচিন ’- যিটোৱে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মাত্ৰ 15 মিনিটৰ ভিতৰতে এজন মানুহক গা ধুৱাই দিয়াৰ লগতে শুকুৱায়ো দিব ।
দেশখনৰ ছায়েঞ্চ কোম্পানী নামৰ এটা কোম্পানীয়ে এই মেচিনটো নিৰ্মাণ কৰি উলিয়াইছে । মেচিনটোৰ নাম দিয়া হৈছে ‘মিৰাই নিংগেন চেন্টাকুক’। এই মেচিনটোৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে কেৱল গা ধোৱাৰ অভিজ্ঞতা লাভ কৰাই নহয়, কোম্পানীয়ে দাবী কৰা মতে স্পা কৰিলে যেনেকুৱা অভিজ্ঞতা হয়, তেনে অভিজ্ঞতাও হ’ব ।
🚨AI-POWERED HUMAN WASHING MACHINE: BECAUSE WHO HAS TIME TO SCRUB?
— Mario Nawfal (@MarioNawfal) December 3, 2024
Japan’s " mirai ningen sentakuki" is here to wash your...everything.
a 15-minute ai-powered bath capsule uses jets, microbubbles, and calming videos to cleanse bodies and soothe egos.
chairman yasuaki aoyama… pic.twitter.com/0GBwOtCV9r
ইয়াত থাকিব ৱাটাৰ জেট, মাইক্ৰোস্কপিক এয়াৰ বাবল্ছ । ইয়াৰ উপৰিও ছালৰ ধৰণ অনুসৰি বডি ৱাছো উপলব্ধ হ’ব । কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিয়েই ছালৰ ধৰণ, চেহেৰাৰ জোখ নিৰ্ধাৰণ কৰিব পৰা যাব । উয়াৰোপৰি, পানী কিমানবাৰ গাত পৰিব, মেচিনটোৱে কিমান পৰিমাণৰ পানীৰে গা ধুৱাব - এই সকলোবোৰ কাষ্টমাইজ কৰিব পাৰিব ।
Japan Unveils
— M R KRISHNAKUMAR ✍️ சட்ட விழிப்புணர்வு உலகம் (@MRK_POLLACHI) December 8, 2024
'#HumanWashingMachine'
That Can Clean And Dry Your Body In 15 Minutes.
• Promising to revolutionise personal hygiene and relaxation. pic.twitter.com/r3tqnpGhxr
এই মেচিনটোৱে কেনেকৈ কাম কৰিব?
- প্ৰথমে মেচিনত প্ৰৱেশ কৰিব লাগিব ।
- ইতিমধ্যে মেচিনটোত আধা গৰম পানী থাকিব।
- তাৰ পিছত তীব্ৰবেগী পানীৰ জেটে অণুবীক্ষণিক বাবলছ নিৰ্গত কৰে যিবোৰ আপোনাৰ ছালৰ সংস্পৰ্শলৈ আহিলে মলি আৰু বীজাণু আঁতৰাই পেলায় ।
- কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিয়ে আপোনাৰ গুৰুত্বপূৰ্ণ চিনসমূহ নিৰীক্ষণ কৰে আৰু সৰ্বোচ্চ আৰামৰ বাবে পানীৰ জেটৰ উষ্ণতা আৰু চাপ নিয়ন্ত্ৰণ কৰে ।
- এই যন্ত্ৰটোৱে মানসিক শান্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । ই আপোনাৰ আৱেগিক অৱস্থা বিশ্লেষণ কৰে আৰু আপোনাক শান্ত আৰু মনলৈ প্ৰশান্তি কঢ়িয়াবলৈ পডৰ ভিতৰলৈ শান্ত কৰা দৃশ্যসমূহ প্ৰক্ষেপ কৰে ।
এই মেচিনটো 2025 চনৰ ওছাকা এক্সপ’ত মুকলি কৰা হ’ব । জানিব পৰা মতে, প্ৰথমবাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰাৰ সুযোগ পাব এহাজাৰ দৰ্শকে । পৰীক্ষা শেষ হোৱাৰ পিছত এই মেচিনটোৰ অধিক উৎপাদন আৰম্ভ হ’ব । কোম্পানীটোৱে জনোৱা মতে, কেৱল ব্যৱসায়িক ক্ষেত্ৰতে নহয়, ঘৰতে ব্যৱহাৰ কৰিব পৰা মেচিনো উৎপাদন কৰা হ’ব ।