ETV Bharat / technology

বায়ুমণ্ডলৰ অ’জন স্তৰত কোনো ছিদ্ৰ নাই : আই আই টি খড়গপুৰ - IIT Kharagpur Research

author img

By ETV Bharat Tech Team

Published : Sep 4, 2024, 5:12 PM IST

No Severe Ozone Depletion Found in Tropical Stratosphere: অ’জন স্তৰ হ’ল বায়ুমণ্ডলৰ সমতাপ মণ্ডলত থকা এটি অ’জন গেছৰ পাতল স্তৰ। অজ’নৰ এই তৰপটোৱে পৃথিৱীৰ জীৱ-জন্তুক অতিবেঙুনী ৰশ্মিৰ প্ৰভাৱবোৰৰ পৰা ৰক্ষা কৰে । শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ স্তৰটোত ছিদ্ৰৰ সৃষ্টি হোৱা বুলি বিভিন্ন বিজ্ঞানীয়ে দাবী কৰি আহিছে ৷ ইয়াৰ বিপৰীতে এই সন্দৰ্ভত যুগান্তকাৰী তথ্য পোহৰলৈ আনিলে আই আই টি খড়গপুৰৰ গৱেষকসকলে ৷

Etv Bharat
বায়ুমণ্ডলৰ অ’জন স্তৰত কোনো ছিদ্ৰ নাই : আই আই টি খড়গপুৰ (Etv Bharat)

নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ: বায়ুমণ্ডলত থকা অ’জন স্তৰৰ ক্ষয় হোৱা বুলি বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে ৷ ইয়াত সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ বাবে পৃথিৱীৰ জীৱন ক্ষতিগ্ৰস্ত হৈছে বুলিও বিজ্ঞানীসকলে কৈ আহিছে ৷ কিন্তু, খড়গপুৰ আই আই টিৰ গৱেষকসকলে সেইবোৰৰ বিৰুদ্ধে আগবঢ়ালে এক যুগান্তকাৰী তথ্য ৷ শেহতীয়াকৈ খড়গপুৰ আই আই টি খড়গপুৰৰ মহাসাগৰ, নদী, বায়ুমণ্ডল সম্বন্দীয় CORAL বিভাগত অধ্যাপক জয়নাৰায়ণ কুট্টিপুৰাথৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা দলে এই সন্দৰ্ভত নতুন তথ্য উদ্ঘাটন কৰিছে ।

‘No Severe Ozon Depletion in the Tropical Stratosphere in Recent Decades’ শীৰ্ষক গৱেষণা পত্ৰখনত গৱেষক দলটোৰ এই অগ্ৰগতিমূলক তথ্য দাঙি ধৰা হৈছে । মূলতঃ বিজ্ঞানীসকলে ইমান দিনে বিভিন্ন কাগজ-পত্ৰ আৰু মাধ্যমত দাবী কৰি আহিছে, যে অ’জন স্তৰত এটা ডাঙৰ ছিদ্ৰৰ সৃষ্টি হৈছে যিয়ে পৃথিৱীৰ জৈৱমণ্ডলক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে । ফলত অতিবেঙুনীয়া ৰশ্মি বায়ুমণ্ডলত প্ৰৱেশ কৰি পোনপটীয়াকৈ পৃথিৱীত প্ৰৱেশ কৰে আৰু ফলত পৃথিৱীৰ উষ্ণতা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৷

কিন্তু, খড়গপুৰ আই আই টিৰ গৱেষকসকলে পুৰণি সেই সকলো সম্ভাৱনা আৰু দাবী উলাই কৰি তেওঁলোকৰ গৱেষণা অনুসৰি বায়ুমণ্ডলৰ অ’জন স্তৰত কোনো ফুটা নাই আৰু ই অক্ষত অৱস্থাত আছে বুলি দাবী কৰে ৷ আনকি জৈৱমণ্ডলৰ ক্ষতি হোৱাৰো কোনো সম্ভাৱনা নাই বুলি কয় গৱেষকসকলে ৷ মন কৰিবলগীয়া যে যোৱা পাঁচটা দশকত অৰ্থাৎ 1980-2022 চনৰ পৰা গৱেষণাত উত্থাপিত সকলো তথ্যতে বিজ্ঞানীসকলে গ্রীষ্মমণ্ডলীয় বা গ্রীষ্মমণ্ডলীয় অঞ্চলত অ’জন স্তৰৰ অৱক্ষয় আৰু বিশাল সৃষ্টিৰ আশংকা প্রকাশ কৰিছিল ৷ আনকি ফুটা হোৱা বুলিও দাবী কৰিছিল । অধ্যাপক জয়নাৰায়ণন কুট্টিপুৰথৰ নেতৃত্বত গৱেষকসকলে দাবী কৰিছে যে এয়া ‘ভুল’ বা ‘অসম্পূৰ্ণ’ গৱেষণা ।

তেওঁলোকে দাবী কৰে যে পূৰ্বৰ গৱেষণা বায়ুমণ্ডলৰ পৰা 11 কিলোমিটাৰৰ ভিতৰত কৰা হৈছিল ৷ যাৰ বাবে সঠিক তথ্য পোৱা সম্ভৱ নাছিল ৷ তেওঁলোকৰ গৱেষণা বায়ুমণ্ডলৰ পৃষ্ঠৰ পৰা 15-20 কিলোমিটাৰ উচ্চতাত কৰা হৈছিল ইয়াত পৃথিৱীৰ পৃষ্ঠত সূৰ্যৰ ‘অতিবেঙুনীয়া ৰশ্মি’ৰ বিকিৰণ উপগ্ৰহৰ পৰা পৰ্যবেক্ষণ কৰা হৈছে । একেদৰে গৱেষকসকলে ষ্ট্ৰেট’স্ফিয়াৰ বা পৃথিৱীৰ বায়ুমণ্ডলৰ দ্বিতীয় তলৰ স্তৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়েও অধ্যয়ন কৰিছে । 30 ডিগ্ৰী দক্ষিণৰ পৰা 30 ডিগ্ৰী উত্তৰলৈকে গৱেষকসকলে এই প্ৰক্ৰিয়াত উপগ্ৰহ কেমেৰাত বায়ুমণ্ডলৰ অ’জন স্তৰৰ ক্ষয় হোৱা পৰ্যবেক্ষণ কৰে ।

ইয়াৰ পিছতে গৱেষকসকলে এই সিদ্ধান্তত উপনীত হয় যে অ’জন স্তৰ এতিয়াও ‘অক্ষত’ । তেওঁলোকে অ’জন স্তৰৰ বাবে গড় অ’জন মান 260 ডবছন ইউনিট (D-U) বুলিও ৰিপ’ৰ্ট কৰিছে । বৰ্তমান ইয়াৰ 220 D-U আছে ৷ গৱেষকসকলে তেওঁলোকৰ গৱেষণাক শুদ্ধ বুলি দাবী কৰি পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ আৰু জীৱ তন্ত্ৰই ভয় কৰাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বৃৃদ্ধি পাইছে কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব : 45% ভাৰতীয় কোম্পানীয়ে চলাইছে যো-জা - Generative AI companies

কেৱল চেনি গ্ৰহণ কৰিয়েই জীয়াই থকা এবিধ প্ৰাণীৰ বিষয়ে... - Facts about Bats

বিজুলী-ঢেৰেকনি-ব্ৰজপাতৰ কাৰণ কি ? - Lightning strikes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.