নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: আই আই এম সম্বলপুৰৰ দশম প্ৰতিষ্ঠা দিৱস সোমবাৰে অনুষ্ঠিত হৈ যায় ৷ এই অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনে নিজৰ শ্ৰেণীকোঠাত AI ক অধ্যাপক হিচাপে প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে । শ্ৰেণীকোঠাত অধ্যাপক হিচাপে AI ক প্ৰৱৰ্তন কৰা আই আই এম সম্বলপুৰ দেশৰ ভিতৰতে প্ৰথমখন শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ব ৷
আৰম্ভণিৰে পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠানখনে কাৰ্যমুখী গৱেষণা, মূল্যবোধ-চালিত পৰামৰ্শ আৰু অভিজ্ঞতাভিত্তিক শিক্ষণ শিক্ষাবিজ্ঞানৰ জৰিয়তে শিক্ষা প্ৰদান কৰাৰ লক্ষ্য লৈছে । লিংগ বৈচিত্ৰ্য, সংস্থাপন, সাংস্কৃতিক উন্নয়ন, বহনক্ষম পদক্ষেপ আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত নতুন মাপকাঠীৰ অগ্ৰণী ব্যৱসায়িক শিক্ষাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে ।
আই আই এম সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেউ জয়ছৱালে কয়, “আমি আজি ঘোষণা কৰিছো যে পৰিৱৰ্তনশীল শিক্ষণ অভিজ্ঞতাৰ বাবে শ্ৰেণীকোঠাত AI ৰূপায়ণ কৰা হৈছে । 2015 চনত মাত্ৰ 49 গৰাকী এম বি এ ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা আই আই এম সম্বলপুৰত বৰ্তমান আছে 320 গৰাকী এম বি এ ছাত্ৰ-ছাত্ৰী আৰু 75% ছাত্ৰী । আমি আমাৰ ইনকিউবেচন চেণ্টাৰৰ অধীনত 60 ৰো অধিক ষ্টাৰ্ট-আপক অনবৰ্ডিং কৰাৰ বিশ্বমানৰ আন্তঃগাঁথনি আৰু প্ৰক্ৰিয়া সৃষ্টি কৰিলো আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক প্ৰসাৰিত কৰিলো ।"
সম্বলপুৰ IIM ৰ বিষয়ে
সম্বলপুৰ ‘আই আই এম’ আৰম্ভ হোৱাৰ সময়ত ইয়াত 49 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আৰম্ভ কৰিছিল । পিছত এই সংখ্যা বৃদ্ধি হ’ল । এতিয়া এই সংখ্যা 320 । এম বি এৰ বাহিৰেও 100 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এক্সিকিউটিভ এম বি এত অধ্যয়ন কৰি আছে । ইয়াৰ লগতে সম্বলপুৰ আই আই এমৰ দিল্লী শাখাত 50 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৱৰ্কিং প্ৰফেচনেল এম বি এত অধ্যয়ন কৰি আছে । আই আই এম মুম্বাইৰ সহযোগত চলি থকা পি জি পি এক্স পাঠ্যক্ৰমত 40 গৰাকী ছাত্ৰ-ছাত্ৰী, 22 গৰাকী পূৰ্ণকালীন পি এইচ ডি ছাত্ৰ-ছাত্ৰী, 100 গৰাকী ‘এক্সিকিউটিভ পি এইচ ডি’ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।