ETV Bharat / technology

20,000 টকাৰ ভিতৰতে ক্ৰয় কৰক আপোনাৰ পছন্দৰ গেমিং স্মাৰ্টফোনটো - BEST SMARTPHONE FOR GAMING

যদি আপুনি বাজেট ছেগমেণ্টত এটা নতুন স্মাৰ্টফোন কিনিব বিচাৰে যিটো গেমিঙৰ বাবেও উপযুক্ত, তেন্তে ইয়াত শীৰ্ষ-5 তালিকাখন চাওক...

gaming smartphone for just Rs 20,000
20,000 টকাৰ ভিতৰতে ক্ৰয় কৰক আপোনাৰ পছন্দৰ গেমিং স্মাৰ্টফোনটো (Samsung, Motorola, Nothing Phone, iQOO)
author img

By ETV Bharat Tech Team

Published : Dec 9, 2024, 4:49 PM IST

হায়দৰাবাদ: আজিকালি মানুহে মোবাইলত গেম খেলি ভাল পায় । যদি আপুনি বাজেটৰ ভিতৰত নতুন স্মাৰ্টফোন কিনিব বিচাৰে, যিয়ে আপোনাৰ গেমিঙৰ লগতে আপোনাৰ দৈনন্দিন কামবোৰো সহজেই চম্ভালিব পাৰে, তেন্তে ইয়াত আমি আপোনাক এনে পাঁচটা স্মাৰ্টফোনৰ বিষয়ে অৱগত কৰিম, যাৰ মূল্য 20 হাজাৰ টকাতকৈও কম ।

আপুনি জানে যে, এটা উন্নত গেমিং অভিজ্ঞতাৰ বাবে, গেমিং কৰাৰ সময়ত উন্নত অভিজ্ঞতাৰ বাবে এটা ডাঙৰ বেটাৰী, শক্তিশালী প্ৰচেছৰ আৰু এটা ভাল ডিছপ্লেৰ প্ৰয়োজন । আপুনি এই ফোনসমূহত এই সকলোবোৰ বৈশিষ্ট্য লাভ কৰিব ।

Samsung Galaxy A15 5G

গৰিষ্ঠসংখ্যক লোকেই Samsung Galaxy A15 5G পছন্দ কৰে । কোম্পানীটোৱে এই ফোনটো বজাৰত 14,998 টকা মূল্যত বিক্ৰী কৰিছে আৰু এই ফোনটো আমাজনত উপলব্ধ । এই ফোনত MediaTek Dimensity 6100+ প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে, যাতে ই আপোনাৰ কেজুৱেল গেমিং চম্ভালিব পাৰে । ইয়াৰ উপৰিও ইয়াত 50MP মেইন কেমেৰাৰ সৈতে ট্ৰাই কেমেৰা ছেটআপ, আল্ট্ৰা ৱাইড এংগল লেন্সৰ সৈতে 5MP কেমেৰা আৰু 2MP মেক্ৰ’ লেন্স আছে ।

Redmi Note 13 Pro

Xiaomi ৰ মালিকানাধীন সামগ্ৰী Redmi Note 13 Pro ভাৰতত বিক্ৰী কৰা হৈছে 18,250 টকাত । এই স্মাৰ্টফোনটোত Snapdragon 7s Gen 2 চিপছেট আছে, আৰু এই ফোনটোত আছে 1.5K 6.67-ইঞ্চি AMOLED ডিছপ্লে, যিয়ে 120Hz ৰিফ্ৰেছ ৰেট, Dolby Vision সমৰ্থন কৰে । ইয়াৰ লগতে ইয়াক কৰ্নিং গৰিলা গ্লাছ ভিক্টাছৰ দ্বাৰা সুৰক্ষিত কৰা হৈছে ।

Moto Edge 50 Neo

ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টত 21,999 টকাত বিক্ৰী কৰা হৈছে Moto Edge 50 Neo, কিন্তু এই অফাৰৰ সৈতে এই ফোনত 2000 টকাৰ কাৰ্ড ৰেহাই উপলব্ধ আৰু 19,999 টকাত ফোনটো ক্ৰয় কৰিব পাৰিব । এই ফোনত ব্যৱহাৰ কৰা হৈছে MediaTek Dimensity 7300 প্ৰচেছৰ । ফোনটোত তিনিটা পিছফালৰ কেমেৰা ছেটআপ আছে, য’ত আছে 50MP মেইন কেমেৰা, 13 MP আল্ট্ৰা ৱাইড কেমেৰা আৰু 10MP টেলিফ’টো কেমেৰা ।

iQOO Z9

ই-কমাৰ্চ ৱেবছাইট আমাজনত 18,498 টকাত বিক্ৰী কৰা হৈছে iQOO Z9 আৰু ইয়াৰ সৈতে MediaTek Dimensity 7200 প্ৰচেছৰ আছে ৷ যিটো TSMCৰ দ্বিতীয় প্ৰজন্মৰ 4nm প্ৰচেছ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে যাৰ গতি 2.8 গিগাহাৰ্টজ । ইয়াৰ কেমেৰা ছেটআপত আছে 50MP চ’নী IMX882 OIS চেন্সৰ, যিয়ে 4K ভিডিঅ’ ৰেকৰ্ডিং, ছুপাৰ নাইট মোড, 2x প’ৰ্ট্ৰেইট জুম আৰু তীক্ষ্ণ ফটো আৰু ভিডিঅ’ৰ বাবে 50MP UHD মোড সমৰ্থন কৰে ।

Nothing Phone 2a

ই-কমাৰ্চ চাইট ফ্লিপকাৰ্টত 23,999 টকাত উপলব্ধ , কিন্তু কাৰ্ড ৰেহাই আৰু অন্যান্য অফাৰৰ সৈতে এই ফোনটোত 3000 টকাৰ ৰেহাই লাভ কৰিব পাৰিব আৰু ইয়াক 20,999 টকাত ক্ৰয় কৰিব পাৰিব । এই ফোনটোত আছে MediaTek Dimensity 7200 Pro প্ৰচেছৰ । ইয়াত 6.7 ইঞ্চিৰ Full HD + ডিছপ্লে আৰু সম্পূৰ্ণ দিন ব্যৱহাৰৰ বাবে 5000 mAh বেটাৰী আছে । কেমেৰা ছেটআপ হিচাপে ইয়াত অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS)ৰ সৈতে দুটা 50 MP কেমেৰা আৰু চেলফিৰ বাবে 32 MP ৰ ফ্ৰন্ট ফেচিং কেমেৰা আছে ।

লগতে পঢ়ক: বজাৰত মুকলি হ’ল সুলভ মূল্যৰ ফ’ল্ডেবল স্মাৰ্টফোন

এপলৰ আটাইতকৈ শ্লীম স্মাৰ্টফোন হ’ব পাৰে iPhone 17 Air

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.