হায়দৰাবাদ: চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডে নিজৰ সেৱা উন্নীতকৰণৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে । কোম্পানীটোৱে শীঘ্ৰে বাণিজ্যিকভাৱে 4G সেৱা মুকলি কৰিবলৈ ওলাইছে । অহা বছৰৰ জুন মাহত 5G সেৱাও ঘোষণা কৰিব পাৰে BSNL এ । শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইণ্ডিয়া মোবাইল কংগ্ৰেছত বিএছএনএলে আগন্তুক বহু সেৱা প্ৰদৰ্শন কৰে । মঙলবাৰে দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত কোম্পানীটোৱে নিজৰ নতুন ল’গ’ আৰু শ্ল’গান মুকলি কৰে । ইয়াৰ উপৰিও কোম্পানীটোৱে 7 টা নতুন সেৱাও আৰম্ভ কৰিছে ।
BSNL ৰ নতুন ল'গ'
2000 চনৰ পিছত বি এছ এন এলৰ ল’গ’ আৰু শ্ল’গান সলনি কৰিলে । বি এছ এন এলৰ ল’গ’ পূৰ্বতে নীলা আৰু ৰঙা কাঁড়যুক্ত আছিল, যিটো এতিয়া বগা আৰু সেউজীয়ালৈ সলনি কৰা হৈছে । পূৰ্বৰ ল’গ’টোত ধূসৰ ৰঙৰ বৃত্ত আছিল, যিটো এতিয়া সম্পূৰ্ণৰূপে সলনি কৰা হৈছে । ল’গ’ৰ ডিজাইন আগৰ দৰেই ৰখা হৈছে । মাজৰ বৃত্তৰ ৰং কেশৰলৈ সলনি কৰা হৈছে । লগতে ভাৰতৰ মানচিত্ৰ বৃত্তৰ ভিতৰত দেখিবলৈ পোৱা গৈছে । এই নতুন ল'গ'টোত ভাৰত চৰকাৰে 3 টা ৰং ব্যৱহাৰ কৰিছে । BSNL-এ পুৰণি শ্লোগান ‘কানেক্টিং ইণ্ডিয়া’ৰ ঠাইত ‘কানেক্টিং ভাৰত’ৰ শ্ল’গান লৈছে ।
Today at #BSNL HQ, New Delhi, Hon'ble MoC Shri @JM_Scindia Ji, along with Hon'ble MoSC Shri @PemmasaniOnX Ji and Secretary DoT Shri @neerajmittalias Ji, unveiled BSNL’s new logo, reflecting our unwavering mission of " connecting bharat – securely, affordably, and reliably." pic.twitter.com/EFvYbVASGx
— BSNL India (@BSNLCorporate) October 22, 2024
গ্ৰাহকৰ বাবে 7টা নতুন সেৱা
স্পাম বিনামূল্যে নেটৱর্ক
- বিএছএনএলে এআইৰ জৰিয়তে স্পেম কল আৰু মেছেজ ব্লক কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিছে । এতিয়া ব্যৱহাৰকাৰীৰ মোবাইললৈ অহা প্ৰৱঞ্চনামূলক তথা ভুৱা কলসমূহ নেটৱৰ্ক স্তৰতে ব্লক কৰা হ’ব ।
নেশ্যনেল ৱাই-ফাই ৰোমিং
- চৰকাৰী টেলিকম কোম্পানীটোৱে FTTH ভিত্তিক ৱাই-ফাই ৰোমিং সেৱা আৰম্ভ কৰিছে । ফলত ব্যৱহাৰকাৰীয়ে কোনো অতিৰিক্ত চাৰ্জ নোলোৱাকৈ হটস্পটত দ্ৰুতবেগী ইন্টাৰনেটৰ ব্যৱহাৰ লাভ কৰিব ।
আই এফ টি ভি
- ব্যৱহাৰকাৰীয়ে FTH নেটৱৰ্কৰ জৰিয়তে পে টিভিত 500 ৰো অধিক লাইভ টিভি চেনেল চাব পাৰিব ।
এ টি এছ কিয়স্ক
Today, the Hon’ble Minister Shri @JM_Scindia Ji will be launching the new logo of @BSNLCorporate along with 7 new services in New Delhi.
— Office Of JM Scindia (@Officejmscindia) October 22, 2024
The launch marks the dawn of a transformative era of the service provider, reaffirming its commitment to provide seamless, universal,… pic.twitter.com/UldPWaJ2Sn
কোম্পানীটোৱে চিম কাৰ্ডৰ বাবে এটিএমৰ দৰে কিয়স্কৰ সুবিধা প্ৰৱৰ্তন কৰিছে । দেশৰ ৰে’ল ষ্টেচনকে ধৰি ৰাজহুৱা স্থানত ইয়াক স্থাপন কৰা হ’ব । ফলত গ্ৰাহকে 24 ঘণ্টীয়া চিম ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি উন্নীতকৰণৰ সুবিধা লাভ কৰিব পাৰে ।
D2D সেৱাসমূহ
BSNL এ ঘোষণা কৰিছে Direct-to-Device সেৱা । য’ত উপগ্ৰহৰ পৰা মোবাইল নেটৱৰ্কৰ সৈতে একত্ৰিত কৰি উন্নত সংযোগ লাভ কৰিব পাৰি ।
দুৰ্যোগ সঁহাৰি সেৱা
বানপানীৰ দৰে অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যোগাযোগৰ বাবে এই সেৱা আৰম্ভ কৰিছে কোম্পানীটোৱে । যিয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ চৰকাৰ আৰু সাহায্য সংস্থাসমূহক সংযোগ প্ৰদান কৰাত সহায় কৰিব । ই হ’ব ড্ৰ’ন বা বেলুন ভিত্তিক যোগাযোগ ব্যৱস্থা ।
ভূগৰ্ভস্থ খনিত 5G নেটৱৰ্ক
ভাৰত সঞ্চাৰ নিগম লিমিটেডে চি-ডাকৰ সহযোগত খনিসমূহত ছুপাৰফাষ্ট সংযোগ প্ৰদানৰ বাবে 5G সেৱা আৰম্ভ কৰিছে । এই সেৱাই এআই আৰু আইঅ’টিৰ জৰিয়তে ভূগৰ্ভস্থ খননত উচ্চ গতিৰ কভাৰেজ প্ৰদান কৰাত সহায় কৰিব ।