ETV Bharat / technology

ক্ষতিপূৰণ আদায় নিদিয়া পৰ্যন্ত ব্ৰাজিলত বন্ধ থাকিব X - Conflict Between X and Brazil - CONFLICT BETWEEN X AND BRAZIL

X banned in Brazil: ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ পেনেলে সোমবাৰে সৰ্বসন্মতিক্ৰমে কোটিপতি ইলন মাস্কৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ক দেশজুৰি নিষিদ্ধ কৰাৰ সিদ্ধান্তক সৰ্বসন্মতিক্ৰমে সমৰ্থন জনায় । আদালতৰ ৱেবছাইটত প্ৰকাশ পাইছে এই তথ্য ।

Etv Bharat
এক্স (IANS)
author img

By ETV Bharat Tech Team

Published : Sep 3, 2024, 4:38 PM IST

নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: ব্ৰাজিলত X নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ সোমবাৰে অনলাইন শুনানি অনুষ্ঠিত কৰে । বিচাৰপীঠৰ 11 জন ন্যায়াধীশৰ ভিতৰত 5 জন ন্যায়াধীশ ইয়াত উপস্থিত আছিল । ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছো ইয়াত উপস্থিত আছিল ।

ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ পেনেলে সোমবাৰে সৰ্বসন্মতিক্ৰমে ইলন মাস্কৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ক দেশজুৰি ব্লক কৰাৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়ায় ।

X ৰ ওপৰত নিষেধাজ্ঞা

আইনৰ দ্বাৰা প্ৰয়োজনীয় স্থানীয় আইনী প্ৰতিনিধিৰ নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে যোৱা শুকুৰবাৰে ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছে X ৰ ওপৰত নিষেধাজ্ঞাৰ আদেশ দিয়ে । তথ্য অনুসৰি যেতিয়ালৈকে মাস্কে আদালতৰ নিৰ্দেশ মানি নলয় আৰু বাকী থকা জৰিমনা ভৰিব নোৱাৰে তেতিয়া পৰ্যন্ত এক্সৰ ওপৰত নিষেধাজ্ঞা অব্যাহত থাকিব ।

জানিব পৰা মতে বাকী থকা জৰিমনা 30 লাখ মাৰ্কিন ডলাৰতকৈ অধিক ।

যোৱা সপ্তাহত প্ৰদান কৰা ৰায়দানত ন্যায়াধীশ ডি মোৰেছে কয় যে ইলন মাস্কে ব্ৰাজিলৰ সাৰ্বভৌমত্ব আৰু বিশেষকৈ ন্যায়পালিকাৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰকাশ কৰিছে । মাস্ক আৰু তেওঁৰ সমৰ্থকসকলে ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছেক স্বৈৰাচাৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে ।

সাত লক্ষাধিক টকাৰ জৰিমনা

টেলিকম নিয়ন্ত্ৰক এনাটেলক নিলম্বনৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । আদালতক ইয়াক কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে আৰু 24 ঘণ্টাৰ ভিতৰত ইয়াৰ প্ৰতিলিপি জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে । ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (ভিপিএন) ব্যৱহাৰ কৰা ব্যক্তি বা কোম্পানীক 50 হাজাৰ ৰিয়াল (প্ৰায় 7.47 লাখ টকা) পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে ।

নিষেধাজ্ঞাৰ আদেশ

চলিত বৰ্ষৰ আৰম্ভণিতে মোৰেছে X ৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ অভিযোগ তুলি একাউণ্টসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল । মাস্কে এই আদেশক চেঞ্চৰশ্বিপ বুলি গৰিহণা দিয়ে । লগতে ব্ৰাজিলত প্লেটফৰ্মৰ কাৰ্যালয় বন্ধ কৰি দিয়া হৈছিল ।

ব্ৰাজিলত পুনৰ তেওঁলোকৰ X সেৱা উপলব্ধ হ’ব বুলি ।

লগতে পঢ়ক: মাস্কৰ সৈতে বিবাদ : ব্ৰাজিলত এক্স প্লেটফৰ্ম স্থগিত ৰখাৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশৰ - Conflict Between X and Brazil

চাইবাৰ আক্ৰমণৰ বাবে মাস্ক-ট্ৰাম্পৰ সাক্ষাৎকাৰ বিলম্ব - TRUMP MUSK INTERVIEW

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.