ETV Bharat / technology

প্ৰযুক্তি ক্ষেত্ৰত কৰ্মৰত যুৱকৰ চৰম সিদ্ধান্ত : অভিযোগৰ আঙুলি পত্নী পৰিয়াললৈ - BENGALURU TECHIE SUICIDE

ভুৱা অভিযোগ আৰু ধনৰ দাবীৰ উপৰিও বিভিন্ন মানসিক আৰু শাৰীৰিক আতিশয্যৰ বাবে আত্মহননৰ দৰে সিদ্ধান্ত গ্ৰহণ ঔদ্যোগিক ক্ষেত্ৰত কৰ্মৰত এগৰাকী 34 বছৰীয়া যুৱকৰ ।

bengaluru-techie-atul-subhash-dies-by-suicide-leaves-behind-suicide-note-blames-wife-family-of-extortion
প্ৰযুক্তি ক্ষেত্ৰত কৰ্মৰত যুৱকৰ চৰম সিদ্ধান্ত : অভিযোগৰ আঙুলি পত্নী পৰিয়াললৈ (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Dec 12, 2024, 5:06 PM IST

হায়দৰাবাদ: এক শোকাৱহ ঘটনা সংঘটিত হয় চলিত বৰ্ষৰ 9 ডিচেম্বৰ, সোমবাৰে ৷ বেংগালুৰুৰ মঞ্জুনাথ লেআউটত থকা নিজৰ বাসগৃহত উত্তৰ প্ৰদেশৰ এজন 34 বছৰীয়া ঔদ্যোগিক ক্ষেত্ৰত কৰ্মৰত যুৱকে আত্মহত্যা কৰে ৷ ইয়াৰ বাবে যুৱকজনে তেওঁৰ পত্নী, পৰিয়ালৰ সদস্য আৰু এজন ন্যায়াধীশৰ বিৰুদ্ধে ' আত্মহত্যাৰ বাবে স্পষ্ট প্ৰৰোচনা, হাৰাশাস্তি, ধন দাবী আৰু... দুৰ্নীতি’ আদিক জগৰীয়া কৰে ।

এদিন পিছতে বেংগালুৰু আৰক্ষীয়ে মৃত অতুল সুভাষৰ পত্নী আৰু তেওঁৰ পৰিয়ালক আত্মহত্যাৰ বাবে সহায় কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা বুলি কয় । ভাৰতীয় ন্যায় সংহিতাৰ 108 3(5) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে ।

বিষয়াগৰাকীয়ে কয়, "মৃতকৰ ভাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আমি তেওঁৰ পত্নী, মাতৃ, ভাতৃ আৰু খুড়াকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো, যিসকলে দাখিল কৰা আইনী বিবাদ নিষ্পত্তিৰ বাবে 3 কোটি টকা দাবী কৰিছিল বুলি অভিযোগ উঠিছে ।"

সবিশেষ দি বিষয়াগৰাকীয়ে কয় যে সোমবাৰে পুৱা 6 বজাত হয়ছালা আৰক্ষী নিয়ন্ত্ৰণ কক্ষত আত্মহত্যাৰ সন্দৰ্ভত ফোন আহিছিল । আৰক্ষীৰ বিবৃতি অনুসৰি বেংগালুৰুত বাস কৰা ভুক্তভোগী যুৱকজন উত্তৰ প্ৰদেশৰ বাসিন্দা ।

আৰক্ষীয়ে তৎক্ষণাত সুভাষৰ ভাতৃ বিকাশ কুমাৰক মাতি আনি এই বিষয়ে অৱগত কৰে । পিছত কুমাৰে সুভাষৰ পত্নী, শাহুৱেক, ভায়েক আৰু পত্নীৰ খুড়াকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সুভাষৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰাৰ অভিযোগ উত্থাপন কৰি নিষ্পত্তিৰ বাবে 3 কোটি টকা দাবী কৰে ।

অভিযোগত কুমাৰে কয়, "কথিত ভুৱা অভিযোগ আৰু তাৰ পিছৰ পৰিঘটনাসমূহৰ লগতে বিপুল ধনৰ দাবীকে ধৰি সুভাষৰ মানসিক আৰু শাৰীৰিক অৱনতি ঘটিছিল, অৱশেষত তেওঁক এই কঠোৰ পদক্ষেপ ল’বলৈ হেঁচা প্ৰযোগ কৰা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ জৌনপুৰৰ এজন প্ৰিন্সিপাল ফেমিলি কোৰ্টৰ ন্যায়াধীশৰ বিৰুদ্ধেও সুভাষে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন তুলিছিল ।

আশ্চৰ্যজনকভাৱে সুভাষেও এক্সত তেওঁৰ ভিডিঅ’ৰ এটা লিংক শ্বেয়াৰ কৰি ইয়াৰ চিইঅ’ ইলন মাস্ক আৰু আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক টেগ কৰে ।

ডিচিপিৰ বিবৃতি

হোয়াইটফিল্ড ডিভিজনৰ ডেপুটি কমিছনাৰ অৱ পুলিচ শিৱকুমাৰ গুনাৰে ​​জনোৱা মতে, 2019 চনত নিকিতা সিংহানিয়াৰ সৈতে সুভাষৰ বিবাহ হৈছিল আৰু তেওঁৰ এজন চাৰি বছৰীয়া পুত্ৰ আছে । ডিচিপিয়ে কয়, "সিংহানিয়াই পৰিয়ালৰ সহায়ত সুভাষৰ বিৰুদ্ধে ভুৱা এজাহাৰ দাখিল কৰা বুলি অভিযোগ উত্থাপন হৈছে । অভিযুক্তই সুভাষক পুত্ৰক লগ কৰিবলৈও নিদিয়ে আৰু তাৰ পৰিৱৰ্তে 30 লাখ টকা দাবী কৰিছিল । আদালতৰ কাম-কাজ চলি থকাৰ সময়ত সিংহানিয়া আৰু তেওঁৰ পৰিয়ালে সুভাষক ভাবুকি দিছিল যে 3 কোটি টকা দিব লাগিব যিটো নিদিলে তেওঁৰ মৃত্যুও ঘটিব পাৰে ।

পিতৃৰ বক্তব্য

সুভাষৰ পিতৃ পৱন কুমাৰে "মধ্যস্থতা আদালতে" আইন অনুসৰি কাম নকৰাৰ অভিযোগ উত্থাপন কৰে আৰু তেওঁৰ পুত্ৰক আদালতে কেনেদৰে হাৰাশাস্তি কৰিছিল সেই বিষয়েও শ্বেয়াৰ কৰে । তেওঁ কয় যে পত্নীয়ে দাখিল কৰা গোচৰক লৈ পুত্ৰক বাৰে বাৰে জৌনপুৰ আদালতলৈ মাতি অনা হৈছিল ।

পিতৃয়ে কয় যে পত্নীয়ে আদালতত দাখিল কৰা গোচৰৰ বাবে সুভাষে কমেও 40 বাৰ বেংগালুৰুৰ পৰা জৌনপুৰলৈ গৈছিল । বোৱাৰীৰ প্ৰসংগত তেওঁ কয়, "তাই পূৰ্বে এটাৰ পিছত এটাকৈ চাৰ্জ যোগ কৰি থাকিল, কেতিয়াও সুভাষক এৰি নিদিলে ।"

"তেওঁ (সুভাষ) আমাক কৈছিল যে মধ্যস্থতা আদালতত থকাসকলে আইন অনুসৰি কাম নকৰে, আনকি উচ্চতম ন্যায়ালয়ৰ নিয়ম অনুসৰিও কাম নকৰে । তেওঁ বেংগালুৰুৰ পৰা কমেও 40 বাৰ জৌনপুৰলৈ যাব লগা হৈছিল । তাই (মৃতকৰ পত্নী) এ ইটোৰ পিছত সিটো অভিযোগ দাখিল কৰিছিল ।"

ভাতৃৰ বক্তব্য

ANI ৰ সৈতে হোৱা কথা-বতৰাত মৃতকৰ ভাতৃ বিকাশ কুমাৰে কয়, "প্ৰায় আঠ মাহৰ পূৰ্বে সুভাষৰ পত্নীয়ে তেওঁৰ পৰা পৃথক হৈছিল, তাৰ পিছত তেওঁ বিবাহ বিচ্ছেদৰ গোচৰ তৰিছিল আৰু সুভাষ আৰু সমগ্ৰ পৰিয়ালটোৰ বিৰুদ্ধে একাধিক আইনৰ ধাৰাত কেইবাটাও অভিযোগ দাখিল কৰিছিল ।" ভাৰতৰ আইনী ব্যৱস্থা কেৱল মহিলাৰ সপক্ষে কাম কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে তেওঁৰ ভাতৃয়ে ইয়াৰ বাবে যুঁজিছিল ।

"মোৰ ভাইটিয়ে তাইৰ বাবে সকলো কৰিলে । যিয়েই নহওক সেয়া দুৰ্ভাগ্যজনক আছিল । যদি তেওঁ কেতিয়াবা মোৰ বা আমাৰ পিতৃৰ সৈতে আলোচনা কৰিলেহেঁতেন - আমি তেওঁক এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সহায় কৰিলোহেঁতেন । মই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰপতিৰ ওচৰত অনুৰোধ কৰিব বিচাৰো - যে ন্যায় হ'বই লাগিব ।" এএনআইক এইদৰে কয় কুমাৰে ।

অধিবক্তাৰ বক্তব্য

গোচৰৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য কৰি মুম্বাইৰ পৰা অধিবক্তা আভা সিঙে এএনআইৰ সৈতে হোৱা কথা-বতৰাত কয় যে এই গোচৰটোৱে আইনৰ গুৰুতৰ অপব্যৱহাৰক পোহৰলৈ আনিছে । যৌতুক আইনৰ অপব্যৱহাৰ কৰা উচিত নহয় বুলিও দৃঢ়তাৰে কয় ছানীয়ে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক: Reddit এ আৰম্ভ কৰিছে AI-চালিত চাৰ্জ টুলৰ পৰীক্ষা

মাইক্ৰস্কোপিক জগতত খোজ কাঢ়িব পৰা বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ ৰবট নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.